নিউজ ডেস্ক,16 ফেব্ৰুৱাৰী:গৱেষক জে এম মৰাৰ, জে এম শ্বেইফাৰ, এছ ৰুপাৰ আৰু এ ক’ৰলিয়ে হিমালয়ৰ হিমবাহৰ বিষয়ে কৰা এক অধ্যয়নৰ পৰা ৷ জানিব পৰা গৈছে যে, ২০০০-২০১৬ চনৰ কালচোৱাত হিমালয়ৰ হিমবাহৰ গলন প্ৰক্ৰিয়া দুগুণলৈ বৃদ্ধি পাইছিল ৷ ক’লম্বিয়া বিশ্ববিদ্যালয় আৰু উটাহ বিশ্ববিদ্যালয়ৰ লগত জড়িত লেমণ্ট-ড’হাৰ্টী আৰ্থ অৱজাৰ্ভেটৰী, আৰ্থ এণ্ড এনভাইৰণমেণ্টেল ছাইঞ্চৰ গৱেষক কেইজনে ১৯৭৫-২০০০ আৰু ২০০০-২০১৬ চনৰ কালচোৱাৰ ভিতৰত হিমালয়ৰ হিমবাহৰ পৰা হ্ৰাস পোৱা বৰফৰ বিষয়ে অধ্যয়ন কৰিছিল ৷ গৱেষক কেইজনৰ অনুসন্ধানৰ ফলাফলে হিমালয় আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চললৈ বিপদৰ সংকেত প্ৰেৰণ কৰিছে ৷ এই অধ্যয়নে জলবায়ুৰ উষ্ণতা, এলবেডো প্ৰভাৱৰ ফলত বৰফ আৰু হিমবাহৰ ওপৰত এনথ্ৰ’প’জেনিক ক’লা কাৰ্বন জমা হোৱাৰ দৰে ঘটনাক এই পৰিৱেশ বিপৰ্যয়ৰ বাবে দায়ী বুলি চিহ্নিত কৰিছে ৷
এই অধ্যয়নটি বিশেষতঃ হিমবাহসমূহৰ পৰা বৰফ হ্ৰাস পোৱাৰ বিভিন্ন কাৰকসমূহৰ ওপৰত চলোৱা হৈছিল ৷ আনহাতে এনথ্ৰ’প’জেনিক প্ৰদূষণৰ উৎসসমূহ, হিমালয়ৰ দাঁতিকাষৰীয়া অঞ্চলত অপৰিকল্পিতভাৱে কৰা উন্নয়নমূলক কাৰ্য-কলাপসমূহ আৰু পৰ্যটন সম্পৰ্কীয় উন্নয়নমূলক কাৰ্য-কলাপ আদিৰ বিষয়ে হোৱা অন্য কেইবাটাও অধ্যয়নে আমাক কিছুদিন পূৰ্বে উত্তৰাখণ্ডত সংঘটিত বিধ্বংসী ঘটনাটোৰ দৰে ঘটিবলগীয়া কেইবাটাও ঘটনাৰ বিষয়ে আগজাননী দিছিল ৷
উদাহৰণস্বৰূপে, অমৰনাথ যাত্ৰা, বদ্ৰীনাথ আৰু কেদাৰনাথ যাত্ৰা, কৈলাশ-মানস সৰোবৰ যাত্ৰা আৰু চাৰিধাম যাত্ৰাৰ দৰে ধৰ্মীয় ভ্ৰমণবোৰত বাৰ্ষিকভাৱে কেইবালাখ লোক এই পৰ্বতলানিলৈ যায় ৷ পৰ্যটন উদ্যোগক আগুৱাই নিয়াৰ উদ্দেশ্যে আন্তঃগাঁঠনিৰ কাম চলোৱাৰ ফলত কোনো কঠোৰ নিয়ম-কানুন নোহোৱাকৈয়ে এই অঞ্চলসমূহলৈ বহু লোকৰ সমাগম ঘটিছে ৷ নিয়ন্ত্ৰণহীন ইঞ্জিনচালিত বাহনসমূহে এই অঞ্চলটোলৈ প্ৰদূষণ মাতি আনিছে ৷ লগতে সংবেদনশীল প্ৰাকৃতিক তন্ত্ৰটোলৈ মানৱসৃষ্ট প্ৰদূষণত অৰিহণা যোগাইছে ৷ যেতিয়াই কোনো অঞ্চলত অৰ্থনৈতিক উন্নয়নৰ বিষয়টোৱে প্ৰাথমিকতা পায়, তেতিয়াই পোনপ্ৰথমে ইয়াৰ কু-প্ৰভাৱ পৰে বন-জংঘলবোৰত ৷ হিমালয়ান ৰাজ্য কেইখনত পৰ্যটন উদ্যোগক উদগনি দিয়াৰ উদ্দেশ্যে তথা বহনক্ষম হাইড্ৰ’ ইলেক্ট্ৰিক প্ৰকল্প নিৰ্মাণৰ বাবে কেইবা হাজাৰ বৰ্গ কিল’মিটাৰজোৰা ঘন বনাঞ্চল কাটি পেলোৱা হৈছিল ৷ এই বনাঞ্চলবোৰ হৈছে কাৰ্বন শোষণ কৰা প্ৰাকৃতিক শোধনাগাৰ ৷ এই জংঘলবোৰৰ পৰা গছবোৰ কাটি পেলোৱাৰ ফলত ক’লা কাৰ্বন জমা হ’ব পৰাকৈ হিমাবাহবোৰৰ বৃহৎ অংশ মুকলি হৈ পৰিছে ৷ হিমবাহৰ গলন প্ৰক্ৰিয়া খৰতকীয়া হোৱাৰ ফলত হঠাতে হোৱা বানৰ আশংকা তথা অস্থিৰ গ্লেছিয়েল লেইকৰ আকাৰ বৃদ্ধি পোৱাৰ আশাংকা বৃদ্ধি পাইছে ৷ উল্লেখ্য যে উত্তৰাখণ্ডৰ দুৰ্ঘটনাটোৰ বাবে দায়ী হিচাপে চিহ্নিত কৰা বিভিন্ন কাৰকবোৰৰ ভিতৰত গ্লেচিয়েল লেইক অন্যতম ৷ প্ৰাকৃতিকভাৱে সংবেদনশীল এলেকাবোৰত যি সময়ত গোলকীয় জলবায়ু পৰিৱৰ্তনে সৰ্বনাশী ভূমিকা পালন কৰিছে, তেনেস্থলত মানৱ সমাজৰ দাৰা সংঘটিত হৈ থকা বিভিন্ন অ-বিজ্ঞানসন্মত, অবহনক্ষম উন্নয়নমূলক কাৰ্য-কলাপবোৰে ধ্বংস মাতি আনিছে ৷ উক্ত অধ্যয়নটোত প্ৰকাশ পাইছে যে, ১৯৭৫-২০০০ চনৰ সময়চোৱাত হিমালয় পৰ্বতমালাৰ তাপমাত্ৰা .৪ ডিগ্ৰী চেলচিয়াছৰ তুলনাত ২০০০-২০১৬ চনলৈ ১.৪ ডিগ্ৰীলৈ বৃদ্ধি পায় ৷ এই বৃদ্ধিয়ে হিমালয়ৰ বুকুৰ বৰফৰ ডাঠ আৱৰণক দ্ৰুতগতিৰে পাতলাইছে ৷
এইখিনিতে হিমালয় তথা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ জৈৱ বৈচিত্ৰতা তথা জলবায়ুক সন্তুলন কৰি ৰখা প্ৰাকৃতিকভাৱে সংবেদনশীল হিমালয়ান মাউণ্টেইন এৰিয়া (এইচ এম এ)ক সুৰক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে তাৎক্ষণিকভাৱে এক পৰিকল্পনাক আনুষ্ঠানিকতা প্ৰদান কৰাটো আমাৰ দেশত খুবেই জৰুৰী হৈ পৰিছে ৷ সমগ্ৰ ভাৰত উপ মহাদেশৰ জল বিজ্ঞানো হিমালয়ৰ হিমবাহৰ সুস্থিৰতাৰ ওপৰত নিৰ্ভৰশীল ৷ ভাৰত চৰকাৰে যদিও হিমালয়ক সুৰক্ষিত কৰিবলৈ এক প্ৰকল্পৰ জৰিয়তে উদ্যোগ লৈছে, এনেক্ষেত্ৰত নাগৰিকৰ প্ৰাণ ৰক্ষা কৰা তথা অৰ্থনৈতিক বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত নাইবা একেবাৰেই নগণ্যতম পদক্ষেপহে ল’বলৈ সক্ষম হৈছে ৷ ইয়াত কোনো সন্দেহ নাই যে এই অঞ্চলসমূহৰ খিলঞ্জীয়া লোকসকলৰ জীৱন তথা জীৱন ধাৰণক সুৰক্ষা প্ৰদান কৰিবই লাগিব ৷ এক “ইক’ ফ্ৰেইণ্ডলি” বহনক্ষম পৰ্যটন উদ্যোগ, অৰ্গেনিক কৃষিকৰ্মৰ উদ্ভাৱন, হাইড্ৰ’ ইলেক্ট্ৰনিক প্ৰকল্পবোৰৰ নবীকৰণ আৰু ক্ষতি হোৱা বনাঞ্চলৰ বনানীকৰণৰ কাৰ্যসূচী আদিয়েহে এই সংবেদনশীল অঞ্চলটিক সুৰক্ষা প্ৰদান কৰাৰ একমাত্ৰ উপায় ৷ লগতে এই অঞ্চলটিৰ সম্পদসমূহৰ আৰ্থিক লাভালাভ স্থানীয় লোকসকলক বিতৰণ কৰিহে এই অঞ্চলটিক বচাব পৰা যাব ৷ উন্নয়নৰ নামত জধে-মধে ঘটি থকা বনাঞ্চল ধ্বংস কাৰ্যই অঞ্চলটোত ঘটি থকা ভূমিস্খলন আৰু বানৰ আশংকা বৃদ্ধি কৰিছে ৷ অকল উত্তৰাখণ্ডতে চৰকাৰে গংগা উপত্যকাত ১০,০০০ মেগাৱাট বিজুলী উৎপাদন কৰিব পৰা ৭০ টা হাইড্ৰ’ ইলেক্ট্ৰিক প্ৰকল্পৰ অনুমোদন দিছে ৷ একেদৰেই আন বহুকেইখন ৰাজ্যয়েও বনাঞ্চল ধ্বংস কৰাৰ বাবে হোৱা ক্ষতিপূৰণ হিচাপে বনানীকৰণৰ কোনোধৰণৰ পৰিকল্পনা নোহোৱাকৈয়ে তথা বিদুৎ উৎপাদনৰ বাবে উপলব্ধ পানীখিনিক নিয়ন্ত্ৰণ কৰিব পৰাকৈ কোনো ধৰণৰ বান্ধৰ ব্যৱস্থা নকৰাকৈয়ে এইছ এম এ’ত এনে ধৰণৰ কেইবাটাও প্ৰকল্পৰ কাম আৰম্ভ কৰিবলৈ ওলাইছে ৷ প্ৰতিনবেদনসমূহত প্ৰকাশ পাইছে যে বৰ্তমান কাৰ্যক্ষম কেইবাটাও প্ৰকল্পৰ নিৰ্মাণ খুবেই নিম্ন পৰ্যায়ৰ আৰু অঞ্চলটোৰ হাইড্ৰ’লজিৰ ওপৰত ইয়াৰ ব্যাপক প্ৰভাৱ পৰিছে ৷