নেশ্যনেল ডেস্ক,২১ আগষ্ট :উত্তৰাখণ্ডৰ পাছত হিমাচল প্ৰদেশ প্ৰকৃতিৰ ৰোষত পৰিছে । বিগত প্ৰায় ২৪ ঘণ্টা ধৰি ৰাজ্যখনত ধাৰাসাৰ বৰষুণ হোৱা দেখা গৈছে (Heavy rain in Himachal)। বৰষুণ, ভূমিস্খলন আৰু বানে একপ্ৰকাৰ বিধ্বংসী ৰূপ ধাৰণ কৰিছে ৰাজ্যখনত । ৰাজ্যজুৰি ভূমিস্খলন, কৃত্ৰিম বানপানী আৰু ডাৱৰ বিস্ফোৰণৰ মুঠ ৩৪ টা ঘটনা পোহৰলৈ আহিছে (Landslide and flood in Himachal Pradesh)।
ইয়াৰ ফলত ৰাজ্যখনত ২০ গৰাকী লোকৰ মৃত্যু হৈছে আৰু ৯ গৰাকী লোক আহত হৈছে । আনহাতে ৬ গৰাকী লোক সন্ধানহীন হৈ আছে । প্ৰকৃতিৰ এনে ৰূপ দেখি আতংকিত হৈ পৰিছে ৰাজ্যবাসী । ইয়াৰ মাজতে আকৌ চিমলাস্থিত বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যখনত আৰু চাৰি দিনলৈ বৰষুণ হৈ থকাৰ সতৰ্কবাণী জাৰি কৰিছে (Yellow Alert in Himachal Pradesh)।
পৰৱৰ্তী ২৪ ঘণ্টাত মাণ্ডি, চিমলা, কাংৰা, কুলু আৰু চম্বা জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । এই সময়ছোৱাত, বানপানী আৰু ভূমিস্খলন হোৱাৰো সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।
বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক সুৰেন্দ্ৰ পালে কয় যে, যোৱা ২৪ ঘণ্টাত ধৰ্মশালাত সৰ্বাধিক বৰষুণ হৈছে । ধৰ্মশালাত ২৪ ঘণ্টাত ৩৩৩ মিঃমিঃ বৰষুণ হৈছে । ইয়াৰ উপৰিও, ৰাজ্যখনৰ আন প্ৰান্ততো ধাৰাসাৰ বৰষুণ হৈছে । তেওঁ কয় যে, ২৪ আগষ্টলৈকে বতৰৰ পৰিস্থিতি সুস্থিৰ হোৱাৰ সম্ভাৱনা নাই ।
ৰাজ্যখনৰ এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে জিলা উপায়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰিছে (Himachal CM on current situation of state)। আপেল খেতি থকা অঞ্চল আৰু চিকিৎসালয়লৈ যোৱা মুখ্য পথবোৰত উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত প্ৰথমে অগ্ৰাধিকাৰ দিবলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে । পৰ্যটকসকলকো নদী আৰু ইয়াৰ পাৰৰ অঞ্চলবোৰৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়ে ।