অসম

assam

ETV Bharat / bharat

Rain Hits Himachal Pradesh : হিমাচলত বৰষুণৰ বিধ্বংসী ৰূপ; বিগত ৩ দিনত ৭২ জনৰ মৃত্যু - Sukhvinder Sukhu visited disaster affected areas

হিমাচল প্ৰদেশত বিগত ৩ দিনত ৭২ জন লোকৰ মৃত্যু হৈছে । মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে দুৰ্যোগপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰিছে । ইফালে মুখ্যমন্ত্ৰীয়ে কয় যে হিমাচল প্ৰদেশ সম্পূৰ্ণৰূপে স্বভাৱিক অৱস্থালৈ উভতি আহিবলৈ এবছৰ লাগিব ।

Rain Hits Himachal Pradesh
Rain Hits Himachal Pradesh

By

Published : Aug 17, 2023, 6:03 PM IST

নিউজ ডেস্ক, ১৭ আগষ্ট :চলিত বছৰৰ বৰষুণে হিমাচল প্ৰদেশত বিধ্বংসী ৰূপ ধাৰণ কৰিছে । আনহাতে, বৰষুণৰ সৈতে অহা দুৰ্যোগৰ চিহ্ন এতিয়া চিমলাৰ পৰা কুল্লুলৈকে, মাণ্ডিৰ পৰা চম্বালৈকে প্ৰতিখন জিলাতে দেখা পোৱা গৈছে । শ শ পথ ধ্বংস হৈছে আৰু বহুতো শক্তি আৰু খোৱাপানীৰ প্ৰকল্প স্থবিৰ হৈ পৰিছে । ২৪ জুনত বাৰিষাৰ আগমনৰ লগে লগে হিমাচলত বৰষুণে বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে । ইয়াৰ পিছত ৮, ৯ আৰু ১০ জুলাইত হোৱা বৰষুণ বিগত ৫ দশকত কোনোৱে প্ৰত্যক্ষ কৰা নাছিল । ইয়াৰ পিছত আগষ্টৰ ১৩ আৰু ১৪ তাৰিখে বৰষুণে বহু ঠাইত বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি কৰে ।

আনহাতে, দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব ওঙ্কাৰ চান্দ শৰ্মাই কয় যে যোৱা ১৩, ১৪ আৰু ১৫ আগষ্ট এই তিনিটা দিনত সমগ্ৰ ৰাজ্যজুৰি বৰষুণৰ ফলত ৭২ জন লোকে প্ৰাণ হেৰুৱাইছে । এই সংখ্যা আৰু অধিক বৃদ্ধি হ'ব পাৰে, কিয়নো কিছুমান ঠাইত ভূমিস্খলনৰ পিছত বহু লোক ধ্বংসস্তূপৰ তলত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে আৰু উদ্ধাৰ অভিযান চলি আছে । তাৎপৰ্যপূৰ্ণভাৱে ইয়াৰে ৫০ টাতকৈও অধিক মৃত্যুৰ ঘটনা ১৩-১৪ তাৰিখৰ ভিতৰত সংঘটিত হৈছে ।

উল্লেখ্য যে কুল্লু, মাণ্ডি, চোলান আৰু চিমলাৰ উপৰি কাংৰা জিলাতো ধাৰাসাৰ বৰষুণ হৈছে । বুধবাৰে মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে কাংৰা জিলাৰ এক আকাশী জৰীপ চলায় আৰু এই দুৰ্যোগ সম্পৰ্কীয় তথ্য লাভ কৰাৰ বাবে বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় আৰু প্ৰশাসনক প্ৰয়োজনীয় নিৰ্দেশনা দিয়ে ।

মুখ্যমন্ত্ৰী সুখুৱে কয় যে কাংৰা জিলাৰ ফতেহপুৰ আৰু ইন্দোৰা বিধানসভা সমষ্টিত বানপানীৰ পৰিস্থিতি সৃষ্টি হৈছে । ইয়াৰ বাবে কিন্তু বৰষুণ নহয়, বান্ধৰ পৰা এৰি দিয়া পানীহে দায়ী। মটৰবোট, সেনা আৰু হেলিকপ্টাৰৰ সহায়ত বানপীড়িত অঞ্চলসমূহৰ পৰা ২,২০০-ৰো অধিক লোকক স্থানান্তৰ কৰা হৈছে । মুখ্যমন্ত্ৰীয়ে কয় যে সৌভাগ্যক্ৰমে এই বানত কাৰো মৃত্যু হোৱা নাই, কিন্তু ক্ষয়-ক্ষতি যথেষ্ট বেছি হৈছে । পং বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলত বিয়াছ নদীয়ে ইয়াৰ গতিপথ সলনি কৰে আৰু বহুতো অঞ্চল বানৰ পানীত প্লাবিত হয় ।

মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে কয় যে বিগত ৪ দিনত ৰাজ্যখনত ১৫৭% অতিৰিক্ত বৰষুণ হৈছে । যাৰ ফলত সমগ্ৰ ৰাজ্যখনতে ক্ষতি হৈছে । মুখ্যমন্ত্ৰীয়ে কয় যে বন্ধ কৰা ১২২০ টা পথৰ ভিতৰত ৪০০ টা পথ মুকলি কৰা হৈছে । মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত বিদ্যুৎ আৰু খোৱাপানীৰ সুবিধা উন্নত কৰাৰো নিৰ্দেশনা দিয়ে । মুখ্যমন্ত্ৰী সুখুৰ মতে, চিমলাত ধাৰাসাৰ বৰষুণৰ ফলত ৫০০ গছ উভালি পৰিছে । যাৰ বাবে স্থানীয় লোকসকলে সমস্যাৰ সন্মুখীন হৈছে । এনে পৰিস্থিতিত বন বিভাগক যিমান সম্ভৱ সোনকালে উপযুক্ত পদক্ষেপ ল'বলৈ নিৰ্দেশ দিয়া হৈছে ।

আনহাতে, ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য অনুসৰি, ৰাজ্যখনত ১,৭৬২ টা ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে । ইয়াৰ উপৰি ৮,৯৫২ টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে । এই বছৰ বাৰিষাৰ সময়ত এতিয়ালৈকে ১১৩ টা ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে । ওংকাৰ শৰ্মাৰ মতে, সকলো ঠাইতে সাহায্য আৰু উদ্ধাৰকাৰ্য চলি আছে আৰু জিলা প্ৰশাসনৰ লগতে আৰক্ষী, এনডি আৰএফ, এছডিআৰএফ আৰু স্থানীয় লোকসকল এই কামত নিয়োজিত হৈ আছে । এতিয়ালৈকে ২,৫০০ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে ।

লগতে পঢ়ক :Threat to Ram Jhula Bridge: উত্তৰাখণ্ডত ভূমিস্খলন; জাহ যোৱাৰ উপক্ৰম ঋষিকেশৰ ৰাম ঝুলা দলং

ABOUT THE AUTHOR

...view details