অসম

assam

ETV Bharat / bharat

হিমাচলত উদ্বোধন ৩৪ কোটি টকীয়া প্ৰকল্প - himachal pradesh

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে দেওবাৰে চ’লানত ৩৪ কোটি টকাৰ এক প্ৰকল্প উদ্বোধন কৰে ৷ থোডো খেলপথাৰত অনুষ্ঠিত আনন্দন সমাৰোহত ভাষণ দি মুখ্যমন্ত্ৰী গৰাকীয়ে ষ্টেডিয়ামকে ধৰি কেইবাটাও প্ৰকল্পৰ ঘোষণা কৰে ৷

himachal-pradesh
himachal-pradesh

By

Published : Mar 8, 2021, 1:26 PM IST

নেশ্যনেল ডেক্স, 8 মাৰ্চ: হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে দেওবাৰে চ’লানত ৩৪ কোটি টকাৰ এক প্ৰকল্প উদ্বোধন কৰে ৷ চ’লানৰ আঞ্চলিক চিকিৎসালয়ত ১.৪১ কোটি টকা, ৯৩ লাখ টকা ব্যয় সাপেক্ষে ক’ভিড আইচিইউ নিৰ্মাণ, লিফট পানী যোগান আঁচনি বাদ্ৰন, গ্ৰাম পঞ্চায়ত সাট্ৰল, পঞ্চায়ত কান্দঘাট বৃদ্ধিৰ উদ্বোধন কৰে হিমাচলৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ থোডো খেলপথাৰত অনুষ্ঠিত আনন্দন সমাৰোহত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে চ’লানত পৌৰ নিগম গঠন কৰাৰ ফলত চহৰখনৰ সঠিক পৰিকল্পনা আৰু প্ৰণালীবদ্ধ বিকাশ নিশ্চিত কৰিব ৷ লগতে চহৰখনে ইয়াৰ পুৰণি মহিমা আৰু খ্যাতি বজাই ৰাখিব ৷

চ’লান হৈছে হিমাচলৰ আটাইতকৈ কেন্দ্ৰত অৱস্থিত আৰু প্ৰাণৱন্ত চহৰ ৷ যি ৰাজ্যৰ সকলো প্ৰান্তৰ লোকক ইয়াৰ মনোৰম পৰিৱেশৰ বাবে ইয়াত বসতি স্থাপন কৰিবলৈ আকৰ্ষিত কৰে । লগতে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰি কয় যে ৰাজ্য চৰকাৰে চ’লান পৌৰ পৰিষদক পৌৰ নিগমলৈ উন্নীত কৰাৰ সিদ্ধান্ত লৈছে ৷ মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে গণতন্ত্ৰৰ তৃণমূল প্ৰতিষ্ঠানত জন সাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰিবলৈ ৰাজ্যখনত ৪১২ খন নতুন গাঁও পঞ্চায়ত, সাতটা নগৰ পঞ্চায়ত আৰু তিনিখন পৌৰ নিগম গঠন কৰিছিল ৷ এই সকলো চহৰক পৰিকল্পিত আৰু প্ৰণালীবদ্ধভাৱে বিকশিত কৰিব পৰাটো নিশ্চিত কৰিবলৈ চ’লান, পালমপুৰ আৰু মান্দিত তিনিখন নতুন পৌৰ নিগমৰ গঠনৰো গুৰুত্বপূৰ্ণ আছে ।

তেওঁ কয় যে, ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তই ৰাজ্যৰ এই তিনিখন চহৰৰ লোকসকলৰ দীৰ্ঘদিন ধৰি স্থগিত হৈ থকা দাবীসমূহ পূৰণ কৰিব । ঠাকুৰে চ’লানৰ জন সাধাৰণক পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি প্ৰাৰ্থীৰ বিজয় নিশ্চিত কৰিবলৈ আহ্বান জনাইছিল যাতে উন্নয়নৰ গতি নিৰৱচ্ছিন্ন হৈ যায় । লোকসভা নিৰ্বাচনত বিজেপিক তেওঁলোকৰ বৃহৎ সমৰ্থন দিছিল, য’ত বিজেপিয়ে কেৱল চাৰিখন আসন জিকাই নহয়, আসন জয়ৰ এটা ৰেকৰ্ডৰো সৃষ্টি কৰিছিল ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে জনমঞ্চ, মুখ্যমন্ত্ৰীৰ হেল্পলাইন ১১০০, চাহাৰা যোজনা, গৃহিণী সুবিধা যোজনা, হিম কেয়াৰ আদিৰ দৰে কেবাটাও আঁচনিয়ে ৰাজ্যিক জন সাধাৰণক যথেষ্ট উপকৃত কৰিছে । অনুষ্ঠানটোত তেওঁ পৰিবহণ নগৰ চ’লানৰ বাবে ২ কোটি টকা, তিনিটা নতুন পাৰ্কিঙৰ বাবে ২ কোটি টকা, পৌৰ নিগম, চ’লানৰ সোতৰটা ৱাৰ্ডৰ পৰিকল্পিত বিকাশৰ বাবে ২ কোটি টকাৰ পুঁজি ঘোষণা কৰে ৷ চ’লানৰ চিকিৎসালয়ত এটা চিটিস্কেন আৰু ডিজিটেল এক্স-ৰে প্ৰকল্প স্থাপন কৰা হ'ব ৷ চ’লান আৰু কান্দঘাট চিকিৎসালয়ত চিকিৎসকৰ পৰ্যাপ্ত পদসমূহ শীঘ্ৰে পূৰণ কৰা হ'ব । ইয়াৰ উপৰিও, যুৱক-যুৱতীসকলৰ বাবে কান্দঘাট ষ্টেডিয়াম আৰু ইণ্ডোৰ ষ্টেডিয়ামৰ কাম শীঘ্ৰে হাতত লোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ৰাম ঠাকুৰে উল্লেখ কৰে ৷

লগতে পঢ়কঃআন্তৰাষ্ট্ৰীয় নাৰী দিৱস: বিদ্যালয়ৰ বাছ চলোৱা এগৰাকী শিক্ষয়িত্ৰী

ABOUT THE AUTHOR

...view details