অসম

assam

ETV Bharat / bharat

Exam postpond due to heavy rainfall: প্ৰবল বৃষ্টিপাতৰ বাবে পিছুৱাই দিয়া হ’ল স্নাতকোত্তৰ মহলাৰ সকলো পৰীক্ষা - Himachal Pradesh WEATHER UPDATE

হিমাচল প্ৰদেশত অব্যাহত আছে ধাৰাষাৰ বৃষ্টিপাত ৷ যাৰ বাবে পিছুৱাই দিয়া হৈছে পৰীক্ষা ৷ B.Ed কে ধৰি স্নাতকোত্তৰ শ্ৰেণীৰ চলি থকা সকলো পৰীক্ষা বাতিল কৰিছে সংশ্লিষ্ট বিভাগে ৷

Himachal Pradesh University cancels ongoing PG exams scheduled on August 14 due to heavy rains
হিমাচল প্ৰদেশত অব্যাহত বৃষ্টিপাত

By

Published : Aug 14, 2023, 6:59 AM IST

নেশ্যনেল ডেস্ক, 14 আগষ্ট:সলনি হোৱা নাই হিমাচল প্ৰদেশৰ পৰিস্থিতি ৷ বৰ্তমানেও ধাৰাষাৰ বৰষুণে ব্যাহত কৰিছে পাহাৰীয়া ৰাজ্যখনৰ সাধাৰণ জীৱন যাত্ৰা ৷ অবিৰত বৰষুণৰ পৰিপ্ৰেক্ষিতত দেওবাৰে হিমাচল প্ৰদেশ চৰকাৰে জনাইছে যে, হিমাচল প্ৰদেশ বিশ্ববিদ্যালয়ে 14 আগষ্টত নিৰ্ধাৰিত স্নাতকোত্তৰ শ্ৰেণীৰ চলি থকা সকলো পৰীক্ষা বাতিল কৰিছে ।

প্ৰচণ্ড বৰষুণৰ পৰিপ্ৰেক্ষিতত হিমাচল প্ৰদেশ বিশ্ববিদ্যালয়ে B.Ed কে ধৰি স্নাতকোত্তৰ শ্ৰেণীৰ চলি থকা সকলো পৰীক্ষা বাতিল কৰিছে ৷ ধাৰাষাৰ বৰষুণৰ বাবে ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত শিক্ষা সচিবে 14 আগষ্টত সকলো চৰকাৰী, বেচৰকাৰী বিদ্যালয়-মহাবিদ্যালয় বন্ধ ৰখাৰ অধিসূচনা জাৰি কৰিছে ।

অধিসূচনাখনত উল্লেখ কৰা হৈছে, "অবিৰত বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি আৰু শিক্ষাৰ্থীৰ সুৰক্ষাৰ কথা বিবেচনা কৰি হিমাচল প্ৰদেশ চৰকাৰে সকলো আই টি আই, পলিটেকনিক, অভিযান্ত্ৰিক আৰু ফাৰ্মাচী কলেজ (চৰকাৰীৰ লগতে ব্যক্তিগত) 14 আগষ্টত বন্ধ থাকিব ৷ জিলাসমূহত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ খতিয়ান জিলা উপায়ুক্তৰ পৰা লোৱা হৈছিল । প্ৰতিকূল পৰিস্থিতিৰ বাবে পথ বন্ধ হৈ পৰাৰ বিষয়েও তথ্য লাভ কৰিছিল ।",

প্ৰবল বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ মুখ্য সচিব, গৃহ সচিবৰ লগতে সকলো উপায়ুক্তক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে । প্ৰশাসনিক কৰ্মচাৰীসকল সজাগ হৈ পথ, বিদ্যুৎ আৰু পানীৰ সুকলমে ব্যৱস্থা বজাই ৰাখিব লাগে বুলিও তেওঁ কয় ।

উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়া প্ৰকৃতিক দুৰ্যোগত উত্তৰ ভাৰতৰ আটাইতকৈ ক্ষতিগ্ৰস্ত ৰাজ্য হিচাপে বিবেচিত হৈছে হিমাচল প্ৰদেশ ৷

লগতে পঢ়ক: Children throws into Water: সুৰামত্ত CISF জোৱানে পানীত দলিয়ালে তিনি শিশুসহ কিশোৰক

ABOUT THE AUTHOR

...view details