নিউজ ডেস্ক, ৮ আগষ্ট : মূষলধাৰ বৰষুণৰ ফলত হোৱা বানপানী আৰু ভূমিস্খলনৰ সৈতে হিমাচল প্ৰদেশে যুঁজি থকাৰ সময়তে এইবাৰ সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক । সাধাৰণ পৰিবহণ ব্যৱস্থা ব্যাহত হোৱাৰ বাবে নিত্যব্যৱহাৰ্য সামগ্ৰীৰ পৰিবহণ যথেষ্ট হ্ৰাস হোৱাৰ বাবে সামগ্ৰীবোৰৰ মূল্য দ্ৰুতগতিত বৃদ্ধি পাইছে ।
ৰাজ্যখনৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলাসমূহৰ ভিতৰত এখন হৈছে কুল্লু । কুল্লুত আটা, ফল, পাচলি আৰু আনকি এলপিজি চিলিণ্ডাৰৰ মূল্য আকাশচুম্বী হৈছৈগৈ । কিয়নো ৰাস্তাবোৰ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত পাহাৰলৈ সামগ্ৰীবোৰ কঢ়িয়াই নিয়াৰ একমাত্ৰ উপায় হৈছে হাতেৰে বা ঘোঁৰা বা খচ্চৰেৰে পৰিবহণ । যাৰ ফলত পৰিবহণৰ ব্যয় যথেষ্ট বৃদ্ধি হৈছে ।
ইয়াৰ উপৰি জনসাধাৰণে নিত্য প্ৰয়োজনীয় সামগ্ৰী পাবলৈ কেইবা কিলোমিটাৰ খোজকাঢ়িবলগা হৈছে । জিলাখনৰ প্ৰান্তীয় অঞ্চলত বাস কৰা লোকসকল এতিয়া সামগ্ৰী পৰিবহণৰ বাবে ঘোঁৰা আৰু খচ্চৰৰ ওপৰত নিৰ্ভৰশীল হ'বলগা হৈছে । যাৰ ফলত সামগ্ৰীৰ মূল্য প্ৰায় দুগুণ বৃদ্ধি হৈছে । গাঁওবাসীয়ে প্ৰকাশ কৰা অনুযায়ী তেওঁলোকে ১০০০ টকা মূল্যৰ চাউলৰ বস্তাৰ বাবে ৮০০ টকালৈকে পৰিবহণ মাচুল ভৰিবলগা হৈছে ।
বানপানী আৰু ভূমিস্খলনৰ ফলত জিলাখনৰ মণিকৰ্ণ আৰু চাইঞ্জ ভালেছৰ দলং আৰু পথ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে বিশ্বৰ বাকী অংশৰ পৰা যোগাযোগ বিচ্ছিন্ন হৈ আছে । তাত বাস কৰা গাঁওবাসীয়ে জনোৱা মতে, তেওঁলোক ৰেচনৰ অভাৱত ভুগিছে আৰু ঘোঁৰাৰ দ্বাৰা সামগ্ৰী পৰিবহণ কৰাৰ বাবে তেওঁলোকৰ খৰচ বহু বৃদ্ধি হৈছে ।