অসম

assam

ETV Bharat / bharat

Women arrested with fake documents: তিব্বতৰ পৰা ভুৱা নথি পত্ৰ সৰবৰাহৰ অভিযোগত আটক এগৰাকী চীনা মহিলা - Himachal Pradesh police

ভুৱা নথি-পত্ৰ সৰবৰাহৰ অভিযোগত আটক এগৰাকী মহিলা (Women arrested for allegedly smuggling fake documents) ৷ তিব্বতৰ মঠৰ পৰা চীনা মূলৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে হিমাচল প্ৰদেশ আৰক্ষীয়ে (Himachal Pradesh police)। যোৱা ২২ অক্টোবৰৰ নিশা চীনা মূলৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও আৰক্ষীয়ে তদন্তৰ স্বাৰ্থত গোপনে ৰাখিছিল খবৰটো । ২৩ অক্টোবৰত যোগীন্দৰ নগৰ আদালতত হাজিৰ কৰাৰ অন্তত আদালতে ২৭ অক্টোবৰলৈকে মহিলাগৰাকীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ।

Himachal police arrest Chinese national with fake documents; probe underway
তিব্বতৰ পৰা ভুৱা নথি পত্ৰ সৰবৰাহৰ অভিযোগত আটক এগৰাকী চীনা মহিলা

By

Published : Oct 26, 2022, 1:08 PM IST

নেশ্যনেল ডেস্ক, 26 অক্টোবৰ: ভুৱা নথি-পত্ৰ সৰবৰাহৰ অভিযোগত আটক এগৰাকী মহিলা (Women arrested for allegedly smuggling fake documents) ৷ তিব্বতৰ মঠৰ পৰা চীনা মূলৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে হিমাচল প্ৰদেশ আৰক্ষীয়ে (Himachal Pradesh police)। যোৱা ২২ অক্টোবৰৰ নিশা চীনা মূলৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল যদিও আৰক্ষীয়ে তদন্তৰ স্বাৰ্থত গোপনে ৰাখিছিল খবৰটো । ২৩ অক্টোবৰত যোগীন্দৰ নগৰ আদালতত হাজিৰ কৰাৰ অন্তত আদালতে ২৭ অক্টোবৰলৈকে মহিলাগৰাকীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ।

ঘটনাৰ বিৱৰণী অনুসৰি, যোৱা ১৫ দিন ধৰি যোগীন্দৰ নগৰ মহকুমাৰ অধীনস্থ চৌন্তৰাৰ এটা মঠত বসবাস কৰি আছিল মহিলাগৰাকী ৷ এনেদৰে মঠত থকাৰ বাবেই সন্দেহ ওপজে বহু লোকৰ ৷ ফলত এই সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে মঠ পৰিচালনা সমিতিয়ে ৷ তাৰ পিছতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আটক কৰে মহিলাগৰাকীক ৷ আটক কৰাৰ পিছত প্ৰথম অৱস্থাত নেপালী মূলৰ বুলি দাবী কৰে মহিলাগৰাকীয়ে ৷

কিন্তু আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহে বহু তথ্য ৷ আৰক্ষীয়ে জনোৱা মতে মহিলাগৰাকীৰ পৰা চীন আৰু নেপাল উভয়ৰে বিভিন্ন লোকৰ জন্মৰ নথি-পত্ৰ উদ্ধাৰ কৰিছে (Birth Certificate recovered)। কেৱল ইমানেই নহয় আৰক্ষীয়ে মহিলাগৰাকীৰ পৰা ৬ লাখ ৪০ হাজাৰ ভাৰতীয় মুদ্ৰা আৰু ১ লাখ ১০ হাজাৰ টকাৰ নেপালী মুদ্ৰাও উদ্ধাৰ কৰে । মহিলাগৰাকীৰ পৰা লগতে দুটা মোবাইল ফোনো জব্দ কৰিলে আৰক্ষীয়ে ৷

ইতিমধ্যেই মহিলাগৰাকীৰ পৰা জব্দ কৰা নথি-পত্ৰকে আদি কৰি এই সকলোবোৰ পৰীক্ষা কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে । আৰক্ষী অধীক্ষক শলিনী অগ্নিহোত্ৰীয়ে তেওঁৰ ভ্ৰমণৰ প্ৰকৃত উদ্দেশ্য ফাদিল কৰাৰ লক্ষ্যৰে তদন্ত অব্যাহত থকা বুলি জানিবলৈ দিছে। "কেন্দ্ৰীয় চৰকাৰকো এই বিষয়ে অৱগত কৰা হৈছে । কেন্দ্ৰই নিৰ্ধাৰণ কৰা তদন্তকাৰী দলেও কৰিব তদন্ত", আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয়।

লগতে পঢ়ক:Indian jailed in Pakistan returns to India: দীপাৱলীৰ দিনাই ঘৰলৈ উভতিল ১৭ বছৰে পাকিস্তানত কাৰাবন্দী এজন ভাৰতীয়

ABOUT THE AUTHOR

...view details