নিউজ ডেস্ক, ১৪ আগষ্ট:হিমাচল প্ৰদেশত আকৌ এবাৰ বৰষুণৰ ফলত বিধ্বংসী ৰূপ ধাৰণ কৰিছে । যোৱা ২ দিন ধৰি হোৱা বৰষুণৰ পিছত ৰাজ্যৰ বিভিন্ন স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ লগতে ব্যাপক ক্ষয়-ক্ষতি হৈছে । ৰাজধানী চহৰ চিমলাতো এটা ডাঙৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ তথ্য পোৱা গৈছে ৷ এই ভূমিস্খলনত এটা শিৱ মন্দিৰ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বহু লোকক সমাধিস্থ হোৱাৰ আশংকা কৰা হৈছে । স্থানীয় প্ৰশাসনে সাহায্য আৰু উদ্ধাৰৰ কামত নিয়োজিত হৈ আছে ৷ বৰ্তমানলৈ ৮টা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিব পৰা হৈছে ।
এই ভূমিস্খলনত প্ৰায় ২০ জন লোকক সমাধিস্থ হোৱাৰ আশংকা কৰা হৈছে ৷ জানিব পৰা মতে, চিমলাৰ ছামাৰহিল অঞ্চলত অৱস্থিত শিৱবাৰী মন্দিৰটো সোমবাৰে পুৱা ভূমিস্খলনৰ কবলত পৰে । এই ঘটনাত বহু লোক মন্দিৰৰ ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে । ইফালে নিশা হোৱাৰ লগে লগে বৰষুণৰ বাবে প্ৰশাসনে উদ্ধাৰ অভিযান বন্ধ কৰিব লগা হয় । এই ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাচত ঘটনাস্থলীত মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখু উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে এই ঘটনাত শোক প্ৰকাশ কৰি প্ৰশাসনৰ লোকে ৮টা মৃতদেহ উদ্ধাৰ কৰাৰ কথা জানিবলৈ দিয়ে ৷