অসম

assam

Banned on stone crushers: নদীত চলাব নোৱাৰিব খনন কাৰ্য, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 8:49 AM IST

নদীৰ অৱবাহিকা আৰু ইয়াৰ উপনৈসমূহত বন্ধ থাকিব খনন কাৰ্য ৷ প্ৰকৃতিক দুৰ্যোগৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷

Banned on stone crushers in HP
হিমাচলৰ নদীত চলাব নোৱাৰিব খনন কাৰ্য

নেশ্যনেল ডেস্ক, 24 ডেস্ক :হিমাচল প্ৰদেশ চৰকাৰে ব্যাস নদীৰ অৱবাহিকা আৰু ইয়াৰ উপনৈসমূহত শিলৰ খনন বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কিয়নো নদীৰ পৰা এই শিল খননৰ ফলত ইয়াৰ কাষৰীয়া অঞ্চলসমূহৰ ব্যাপক ক্ষতি-সাধন হৈছে ৷

হিমাচল প্ৰদেশৰ কাংৰা জিলাৰ চক্কী নদীকে ধৰি কুল্লু, মণ্ডী, কাংগৰা আৰু হামিৰপুৰ জিলাৰ ব্যাস নদী অৱবাহিকা আৰু ইয়াৰ উপনৈসমূহে বিধ্বংসী ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ৷ বৰ্তমান বাৰিষাৰ সময়ত হিমাচল প্ৰদেশৰ অৱস্থা অতি শোচনীয় হৈ পৰিছিল ৷ সেয়ে পাহাৰীয়া জিলাখনৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৰ চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ ৷

পৰিৱেশ সংৰক্ষণৰ বাবে লোৱা পদক্ষেপ :
মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুয়ে উল্লেখ কৰা অনুসৰি, পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে বন্ধ বৈ থাকিব নদীৰ খনন কাৰ্য ৷ দুৰ্যোগ ব্যৱস্থাপনা আইন 2005 ৰ অধীনত ৰাজ্যখনৰ পৰিৱেশ সংৰক্ষণৰ লগতে ৰাইজৰ বসতি আৰু আন্তঃগাঁথনিৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । কিন্তু বৈধ খননৰ বাবে প্ৰদান কৰা অনুমতি এতিয়ালৈকে বাতিল হোৱা নাই ।

তেওঁ কয় যে, বৰ্তমানৰ আই আই টি, এন আই টি, আৰ এণ্ড ডিৰ বিশেষজ্ঞক আমন্ত্ৰণ জনাই পৰিৱেশ, বিজ্ঞান আৰু প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগক পৰ্যালোচনা কৰাৰ লগতে তেওঁলোকৰ পৰামৰ্শ ল’বলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে ৷ যাতে এনে বিপৰ্যয়জনক পৰিস্থিতিৰ সৃষ্টি কৰা কাৰকসমূহ চিনাক্ত কৰিব পৰা যায় ৷

মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখুৱে আৰু কয় যে বিভাগটোৱে অবৈজ্ঞানিক আৰু অবৈধ খনন কাৰ্যকলাপৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ মূল্যায়নৰ বাবে বহু খণ্ডীয় বিশেষজ্ঞ সমিতি গঠন কৰি এক বিস্তৃত বৈজ্ঞানিক অধ্যয়ন চলাব । এই অধ্যয়নৰ তথ্যৰ ভিত্তিত দূৰত্ব সম্পৰ্কীয় সীমা পুনৰ নিৰ্ধাৰণ কৰি নদীৰ কাষৰ পৰিৱেশ সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব ৷

আগন্তুক সময়ত ৰাজ্যখনত এনেধৰণৰ অনাকাংক্ষিক কোনো মানৱসৃষ্ট দুৰ্যোগ হ’ব নোৱাৰে ৷ এইনেধৰণৰ দুৰ্যোগৰ পৰা হাত সাৰিবলৈ সকলো কামৰে নিয়ন্ত্ৰণ আৰু ব্যৱস্থাপনা নিশ্চিত কৰা হ’ব বুলিও সদৰী কৰে সুখৱিন্দৰ সিং সুখুৱে ।

লগতে পঢ়ক :Successful landing of Chandrayaan-3: গুগলৰ CEO সুন্দৰ পিচাইয়ে অভিনন্দন জনালে ভাৰতীয় বিজ্ঞানীক

ABOUT THE AUTHOR

...view details