নেশ্যনেল ডেস্ক,১৭ ডিচেম্বৰ :আদানী গ্ৰুপৰ বিৰুদ্ধে কঠোৰ হৈছে হিমাচলৰ নতুন চৰকাৰ । আদানী গ্ৰুপে দুটা চিমেণ্ট কোম্পানী বন্ধ কৰাৰ পাছতে চৰকাৰ কঠোৰ হৈছে । বিষয়টো বিবেচনা কৰি মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে মুখ্য সচিবক এই বিষয়ত উপযুক্ত পদক্ষেপ ল'বলৈ নিৰ্দেশ দিছে । লগে লগে মুখ্য সচিব আৰ ডি ধিমানে উদ্যোগ, পৰিবহণ, ৰাজ্যিক যোগান নিগম আৰু অন্যান্য বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈছে । বৈঠকৰ অন্তত, চৰকাৰে আদানী গ্ৰুপৰ বিৰুদ্ধে এখন জাননী জাৰি কৰিছে আৰু তাৰ সঁহাৰি বিচাৰিছে (Himachal Government sent notice to Adani group)।
চৰকাৰে জাৰি কৰা জাননীখনত কোম্পানীটোক কোৱা হৈছে যে কোনো আগতীয়া জাননী অবিহনে প্ৰকল্পটো বন্ধ কৰাটো নিয়মৰ উলংঘন । চৰকাৰ বা স্থানীয় প্ৰশাসনক প্ৰকল্পটো বন্ধ কৰাৰ বিষয়ে অৱগত কৰা হোৱা নাছিল । চৰকাৰে কোম্পানীটোক ভূমিকে ধৰি অন্যান্য সুবিধা প্ৰদান কৰিছে আৰু এনে পৰিস্থিতিত কোম্পানীটোৱে হঠাতে এনে সিদ্ধান্ত ল'ব নোৱাৰে ।
হাজাৰ হাজাৰ লোকৰ ভৱিষ্যত কোম্পানীৰ সিদ্ধান্তৰ সৈতে জড়িত আৰু প্ৰকল্পটো বন্ধ কৰাৰ সিদ্ধান্ত একপক্ষীয় । এয়া হৈছে ৰাজহ, পৰিবহন, উদ্যোগ আৰু শ্ৰমিক নিয়মৰ এক বৃহৎ উলংঘন । জাননীখনত কোম্পানীটোক সোধা হৈছে যে ইয়াৰ বিৰুদ্ধে কি ব্যৱস্থা লোৱা উচিত ।
কোম্পানী মেনেজমেণ্ট আৰু ট্ৰাক ইউনিয়নৰ মাজৰ বিবাদ সন্দৰ্ভত, চৰকাৰে চোলান আৰু বিলাসপুৰ জিলাৰ উপায়ুক্তক বিবাদটো সমাধান কৰিবলৈ নিৰ্দেশ দিছে । মালবাহী সন্দৰ্ভত দুয়োপক্ষৰ মাজত বিবাদ হৈছিল যাৰ ফলস্বৰূপে কোম্পানীটোৱে দাদলাঘাট আৰু বৰমানা প্ৰকল্প বন্ধ কৰি দিছে (ACC Ambuja plants shut operations in Himachal)।