নেশ্যনেল ডেস্ক, ১ ডিচেম্বৰ :হিমাচল প্ৰদেশৰ সোলানৰ দুৰ্যোগপীড়িত পৰিয়ালসমূহক চৰকাৰে 'পুনৰভাস' আঁচনিৰ অধীনত প্ৰায় ১১.৩১ কোটি টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিছে । হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে বৃহস্পতিবাৰে 'পুনৰভাস' আঁচনিৰ অধীনত ক্ষতিপূৰণ বিতৰণ কৰে । ক্ষতিগ্ৰস্ত প্ৰায় ৩৭৭ টা পৰিয়ালক প্ৰথম কিস্তি হিচাপে ৩ লাখ টকা প্ৰদান কৰা হৈছে ।
চৰকাৰে এতিয়ালৈকে চোলান জিলাৰ দুৰ্যোগ পীড়িত লোকসকলক ৪২.৫৩ কোটি টকাৰ ক্ষতিপূৰণ দিছে । লক্ষণীয়ভাৱে চোলান জিলাত হোৱা দুৰ্যোগৰ ফলত প্ৰায় ৮,৭০০ পৰিয়াল ক্ষতিগ্ৰস্ত হৈছিল । জিলাখনত ৩৭৭ টা পৰিয়ালৰ ঘৰ সম্পূৰ্ণ ধ্বংস হৈ গৈছিল । আনহাতে প্ৰায় ৫০০ টা ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছিল ।
আঁচনিখন মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সম্পূৰ্ণ ক্ষতিগ্ৰস্ত ঘৰৰ ক্ষেত্ৰত ক্ষতিপূৰণৰ পৰিমাণ ৫ গুণতকৈ অধিক বৃদ্ধি কৰা হৈছে । ক্ষতিপূৰণ ১.৩০ লাখ টকাৰ পৰা ৭ লাখ টকালৈ বৃদ্ধি কৰা হৈছে । লগতে মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত লোকসকলক বিনামূলীয়া বিদ্যুৎ আৰু পানী যোগান ধৰিছে । লগতে গৃহ নিৰ্মাণৰ বাবে চিমেণ্ট প্ৰতি বেগত ২৮০ টকাৰ চৰকাৰী হাৰত দিয়া হৈছে ।
ইয়াৰ উপৰিও, কেঁচা আৰু পকী ঘৰৰ আংশিক ক্ষতিৰ ক্ষেত্ৰত দিয়া ক্ষতিপূৰণ ১ লাখ টকালৈ বৃদ্ধি কৰা হৈছে । মুখ্যমন্ত্ৰীৰ মতে ৰাজ্য চৰকাৰে প্ৰতিগৰাকী প্ৰভাৱিত ব্যক্তিৰ বেদনা বুজি পায় । যাৰ বাবে প্ৰতিগৰাকী প্ৰভাৱিত লোকক পৰ্যাপ্ত সহায় আগবঢ়োৱা হৈছে ।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে পূৰ্বৰ চৰকাৰে লোৱা প্ৰায় ৭৫,০০০ কোটি টকাৰ ঋণ এইখন চৰকাৰৰ মূৰত আছে । অৱশ্যে, চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণ, কৰ্মচাৰী আৰু বিষয়াসকলৰ সহযোগিতাৰে প্ৰত্যাহ্বানসমূহৰ কাৰ্যকৰীভাৱে মোকাবিলা কৰি আছে । মুখ্যমন্ত্ৰী সুখুৰ মতে তেওঁৰ পৰিয়ালৰ কোনেও পূৰ্বে ৰাজনীতিত নাছিল । সেয়ে তেওঁ চৰকাৰী আঁচনিসমূহৰ লাভালাভ আটাইতকৈ বঞ্চিত লোকলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে ।