অসম

assam

By

Published : Jun 26, 2023, 5:12 PM IST

ETV Bharat / bharat

Himachal floods : হিমাচলৰ বানত নিহত ৬; ভূমিস্খলনৰ ফলত ঘাইপথত আবদ্ধ শতাধিক লোক

হিমাচল প্ৰদেশত চলি থকা ধাৰাসাৰ বৰষুণে এতিয়ালৈকে কমেও ছয়জন লোকৰ প্ৰাণ কাঢ়ি নিছে । আনহাতে, চণ্ডীগড়-মানালী ঘাইপথত আবদ্ধ পৰিছে শ শ পৰ্যটক । আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত তেওঁলোক আবদ্ধ হৈ পৰিছে ।

Himachal floods
Himachal floods

নিউজ ডেস্ক, ২৬ জুন : হিমাচল প্ৰদেশত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বানত ৬ জন লোকৰ মৃত্যু হৈছে । লগতে আন প্ৰায় ১০ জন লোক আহত হোৱা বুলি জানিব পৰা গৈছে । আনহাতে, ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখনৰ কেইবাঠাইতো ভূমিস্খলন আৰু আকস্মিক বানপানীৰ সৃষ্টি হৈছে । যাৰ ফলত ঘাইপথত কেইবা মাইলজুৰি যান-জঁটৰ সৃষ্টি হৈছে ।

হিমাচল প্ৰদেশৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব ওঙ্কাৰ চান্দ শৰ্মাই সোমবাৰে কয় যে এতিয়ালৈকে ছয়জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ১০ জন লোক আহত হৈছে । "মুঠ ৩০৩ টা পশুধনৰ মৃত্যু হৈছে । সম্পূৰ্ণ প্ৰতিবেদনৰ বাবে এতিয়াও অপেক্ষা কৰি থকা হৈছে ।" তেওঁ লগতে কয় । "বৰষুণৰ ফলত হোৱা লোকচান ৩ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে । ইফালে ১২৪ টা পথ ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰে ভিতৰত আছে দুটা ৰাষ্ট্ৰীয় ঘাইপথ ।" দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জ্যেষ্ঠ বিষয়াজনে কয় ।

ইফালে মাণ্ডিৰ ৭ মাইলত চণ্ডীগড়-মানালী ঘাইপথত বাহনৰ দীঘলীয়া শাৰী দেখা গৈছে । কিয়নো ধাৰাসাৰ বৰষুণৰ ফলত চণ্ডীগড়-মানালী ঘাইপথৰ এটা অংশত আকস্মিক বানপানী আৰু ভূমিস্খলন হোৱাৰ ফলত মাণ্ডি আৰু কুল্লুৰ মাজৰ পথ অৱৰোধ হৈ পৰিছে । যাৰ ফলত শ শ যাত্ৰী অটৰ ওচৰত আবদ্ধ হৈ আছে ।

প্ৰাপ্ত তথ্য অনুসৰি, চণ্ডীগড়-মানালী ঘাইপথৰ ৭ মাইলৰ ওচৰৰ এলেকাটোত ভূমিস্খলন সংঘটিত হয় । যাৰ ফলত পথটো বন্ধ হৈ পৰে আৰু এক বৃহৎ যান-জঁটৰ সৃষ্টি হয় । ধাৰাসাৰ বৰষুণৰ বাবে পাণ্ডোহকুল্লু নিকটৱৰ্তী অটৰ ওচৰৰ খোতিনাল্লাহত আকস্মিক বানপানী হয় । তাত যাত্ৰীসকল দেওবাৰে সন্ধিয়াৰ পৰা আবদ্ধ হৈ আছে । মাণ্ডি প্ৰশাসনৰ বিষয়াসকলে প্ৰকাশ কৰে যে পথটো মুকলি কৰাৰ কাম চলি আছে আৰু বিস্ফোৰক ব্যৱহাৰ কৰি পথ অৱৰোধ কৰা গধুৰ শিলবিলাক বিস্ফোৰণ কৰা হৈছে ।

"পাণ্ডোহ-মাণ্ডিৰ ওচৰত পাহাৰ কটা কাম চলি থকাৰ বাবে ভূমিস্খলন হোৱাৰ ফলত পথসমূহ অৱৰোধ হৈ পৰে । দেওবাৰে নিশা নিৰন্তৰ পৰি থকা শিল আৰু মাজে মাজে শিলবোৰত বিস্ফোৰণ ঘটাই থকাৰ বাবে ৰাস্তাটো পৰিষ্কাৰ কৰাৰ কাম বন্ধ কৰিবলগা হয় । এই কাম সোমবাৰে পুৱা পুনৰ আৰম্ভ কৰা হয় যদিও ৰাস্তাটো পৰিষ্কাৰ কৰিবলৈ কমেও ৮ ঘণ্টামান লাগিব বুলি জানিব পৰা গৈছে । আনহাতে, প্ৰশৰৰ ওচৰত ডাৱৰ বিস্ফোৰণৰ ফলত প্ৰায় ৪০ খন সৰু গাড়ী আৰু ৫৫ জন শিক্ষাৰ্থীক কঢ়িয়াই নিয়া এখন বাছ আবদ্ধ হৈ পৰে । পৰৱৰ্তী দুদিনৰ বাবে আইএমডিৰ তৰফৰ পৰা ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী দিয়া হৈছে । ইফালে মাণ্ডি-যোগিন্দৰ নগৰ ঘাইপথটো পৰিষ্কাৰ কৰা হৈছে বুলি মাণ্ডিৰ এএছপি সাগৰ চন্দৰৰ উদ্ধৃতি দি এএনআয়ে কয় ।

চণ্ডীগড়ক মানালীৰ সৈতে সংযোগ কৰা ২১ নং ৰাষ্ট্ৰীয় ঘাইপথটো সাত-আঠ ঘণ্টাৰ ভিতৰত যান-বাহনৰ বাবে পুনৰ মুকলি হোৱাৰ সম্ভাৱনা আছে বুলি এজন বিষয়াই কয় । আনহাতে, যাত্ৰীসকলক ৰাস্তাটো খোলালৈকে মাণ্ডিৰ ফালে নাযাবলৈ পৰামৰ্শ দিয়া হৈছে বুলিও তেওঁ লগতে কয় ।

উল্লেখ্য, কাংৰা, মাণ্ডি আৰু চিৰমৌৰ জিলাৰ কেইবা ঠাইত মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হয় । কাংৰাৰ ধৰ্মশালাত সৰ্বাধিক ১০৬.৬ মিঃমিঃ বৰষুণ হয় । ইয়াৰ পিছত কাটাউলাত ৭৪.৫ মিঃমিঃ, গোহাৰত ৬৭ মিঃমিঃ, মাণ্ডিত ৫৬.৪ মিঃমিঃ, পোৱাণ্টা চাহিবত ৪৩ মিঃমিঃ আৰু পালমপুৰত ৩২.২ মিঃমিঃ বৰষুণ হয় । স্থানীয় বতৰ বিজ্ঞান কাৰ্যালয়ে অহা ২৭ আৰু ২৮ জুনত ৰাজ্যখনৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনীয়তা প্ৰকাশৰ লগতে ২৭-২৯ জুনলৈ সতৰ্কবাণী জাৰি কৰিছে ।

লগতে পঢ়ক :PM Modi Holds Cabinet Meeting : প্ৰধানমন্ত্ৰী মোদীৰ কেবিনেট বৈঠক; মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে আলোচনা

ABOUT THE AUTHOR

...view details