নেশ্যনেল ডেস্ক, 8 জুলাই : বৃহস্পতিবাৰে পুৱতি নিশা দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা বীৰভদ্ৰ সিঙৰ দেহাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 87 বছৰ । ইন্দিৰা গান্ধী চিকিৎসা মহাবিদ্যালয়, আৰু চিকিৎসালয় (আইজিএমচি) ৰ চিকিৎসা অধীক্ষক ডাঃ জনক ৰাজে জনাইছিল যে দীৰ্ঘদিন ধৰি সিং চিকিৎসাধীন হৈ আছিল ।
হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ দেহাৱসান - প্ৰাক্তন মুখ্যমন্ত্ৰী
দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছ নেতা বীৰভদ্ৰ সিঙৰ 87 বছৰ বয়সত মৃত্যু হয় ।
![হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ দেহাৱসান হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ দেহাৱসান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12392541-819-12392541-1625728253249.jpg)
himachal-ex-cm-virbhadra-singh-passes-away-at-87
13 এপ্ৰিলত তেওঁ ক’ভিড-19 ত আক্ৰান্ত হৈ মোহালিৰ মেক্স চিকিৎসালয়ত ভৰ্তি হৈছিল । উল্লেখ্য যে, 9 বাৰৰ বিধায়ক আৰু 5 বাৰৰ সাংসদ সিঙে 6 টা কাৰ্যকালৰ বাবে হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল ।
লগতে পঢ়ক:নিযুক্তিৰ ক্ষেত্ৰত তৃতীয় লিংগৰ ব্যক্তিৰ বাবে আসন সংৰক্ষণ