অসম

assam

ETV Bharat / bharat

CM Sukhvinder Singh Sukhu : অসুস্থ হিমাচলৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু, দিল্লীৰ AIIMS লৈ ৰাওনা - হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে চিকিৎসাৰ বাবে দিল্লীৰ এইমছলৈ ৰাওনা হৈছে । কিয়নো মুখ্যমন্ত্ৰীগৰাকী পেটৰ বিষত আক্ৰান্ত হৈছে । তেওঁক দিল্লীৰ এইমছতে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব ।

CM Sukhvinder Singh Sukhu
মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 1:06 PM IST

Updated : Oct 27, 2023, 1:49 PM IST

নেশ্য়নেল ডেস্ক, ২৭ অক্টোবৰ: হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে আজি চিকিৎসাৰ বাবে দিল্লীৰ এইমছলৈ ৰাওনা হৈছে । তাত মুখ্যমন্ত্ৰীগৰাকীক বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰা হ'ব । মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে বুধবাৰে (২৫ অক্টোবৰ) নিশা পেটৰ বিষ অনুভৱ কৰে ৷ তাৰ পিচত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত আইজিএমচি চিকিৎসালয়লৈ নিয়া হয় ।

চিকিৎসকসকলে মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখক প্ৰাথমিক চিকিৎসাৰ অন্তত আইজিএমচি চিকিৎসালয়ত ভৰ্তি কৰোৱায় । অৱশ্যে, চিকিৎসকসকলে তেওঁৰ সকলো পৰীক্ষা কৰাৰ পিচত পেটৰ ৰোগত আক্ৰন্ত হোৱা বুলি নিশ্চিত হয় । চিকিৎসকসকলৰ মতে, বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্য়ৰ অৱস্থা সুস্থিৰ যদিও তেওঁক দুদিনৰ বাবে বিশ্ৰামৰ প্ৰয়োজন ।

আইজিএমচি চিমলাত চিকিৎসাৰ সময়ত প্ৰশাসনে মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ বাবে ছয়জন জ্যেষ্ঠ চিকিৎসক আৰু চিকিৎসালয়ৰ বিভাগীয় মুৰব্বীৰ তত্বাৱধানত এখন সমিতি গঠন কৰে । মুখ্যমন্ত্ৰীৰ পৰিচাৰ্য কৰিবলৈ গেষ্ট্ৰোএণ্টেৰোলজী বিভাগৰ অধ্যক্ষ ডাঃ ব্ৰজ শৰ্মাৰ তত্বাৱধানত এখন ৬ জনীয়া সমিতি গঠন কৰা হয় । এই সমিতিখন মেডিচিন বিভাগৰ মুৰব্বী ডাঃ বলবীৰ, হৃদৰোগ বিভাগৰ মুৰব্বী ডাঃ পিচি নেগী, অস্ত্ৰোপচাৰ বিভাগৰ মুৰব্বী ডাঃ ইউ কে চান্দেল, ইউৰ’ল'জী বিভাগৰ মুৰব্বী ডাঃ পাম্পোশ ৰাইনা আৰু ৰেডিঅ'ল'জী বিভাগৰ অধ্যক্ষ ডাঃ অনুপ জোবটাক অন্তৰ্ভুক্ত কৰা হৈছে ।

লগতে পঢ়ক :EC notice to Priyanka Gandhi: নৰেন্দ্ৰ মোদী সন্দৰ্ভত কৰা মন্তব্যৰ বাবে প্ৰিয়ংকা গান্ধীলৈ নিৰ্বাচন আয়োগৰ জাননী

ইপিনে, মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৰ প্ৰধান মিডিয়া উপদেষ্টা নৰেশ চৌহানে এখন সংবাদমেলত কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে খাদ্য সংক্ৰান্তীয় কৰাণত পেটৰ বিষ অনুভৱ কৰিছে । যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও এতিয়া তেওঁৰ অৱস্থা উন্নত হৈছে ।

লগতে পঢ়ক:Right to marry person of choice; নিজৰ পছন্দৰ ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাটো সাংবিধানিক অধিকাৰ, পৰিয়ালে আপত্তি কৰিব নোৱাৰে : দিল্লী উচ্চ ন্যায়ালয়

Last Updated : Oct 27, 2023, 1:49 PM IST

ABOUT THE AUTHOR

...view details