নতুন দিল্লী, 18 ডিচেম্বৰ:হিমাচলৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি ২৭ ডিচেম্বৰত ভাৰ্চুৱেল মোডৰ যোগেৰে ৰাজ্য চৰকাৰৰ তিনি বছৰীয়া বৰ্ষপুৰ্তি উদযাপনত তেওঁৰ সৈতে যোগদান কৰিবলৈ অনুৰোধ জনায় ৷ নতুন দিল্লীত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙক কয় যে, COVID-19 প্ৰট'কলৰ বাবেই এই বছৰ ৱেবইনাৰৰ যোগেদিয়ে এই উৎসৱটো অনুষ্ঠিত কৰা হৈছে।
হিমাচলৰ ৰাজ্য চৰকাৰৰ তিনি বছৰীয়া বৰ্ষপুৰ্তি উদযাপনৰ প্ৰস্তুতিঃ ৰাজনাথ সিঙক নিমন্ত্ৰণ - COVID-19 প্ৰট'কল
২৭ ডিচেম্বৰত ভাৰ্চুৱেল মোডৰ যোগেৰে হিমাচল ৰাজ্য চৰকাৰৰ তিনি বছৰীয়া বৰ্ষপুৰ্তি উদযাপনৰ বাবে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক অনুৰোধ জনায় ৷ এই বছৰ COVID-19ৰ প্ৰট'কলৰ বাবেই ৱেবইনাৰৰ যোগেদিয়ে এই উৎসৱটো উদযাপন কৰাৰ সিদ্ধান্ত লৈছে বুলি হিমাচলৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰে জনায় ৷
উল্লেখ্য যে, যোৱা তিনি বছৰত ৰাজ্য আৰু ইয়াৰ জন প্ৰতিনিধিসকলক সমৰ্থন কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জনাই হিমাচলৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ লগতে জয় ৰাম ঠাকুৰে ৰাজ্যৰ সৈতে সম্পৰ্কিত বিভিন্ন বিষয়ৰ বিষয়ে আলোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগত । ৰাজনাথ সিঙেও তিনি বছৰীয়া কাৰ্যকাল সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে মুখ্যমন্ত্ৰী গৰাকীক নিজ কাৰ্যালয়তে অভিনন্দন জনাই আৰু ভৱিষ্যতে ৰাজ্যখনক সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ নিশ্চিতি প্ৰদান কৰে ৷
লগতে পঢ়ক:প্ৰতিবাদী কৃষকক টোমৰৰ পত্ৰ পঢ়িবলৈ আহ্বান প্ৰধানমন্ত্ৰী মোডীৰ