অসম

assam

ETV Bharat / bharat

Hijab stalemate continues : ছুপ্ৰিম কোৰ্টৰ দুই ন্যায়াশীধৰ বিচাৰপীঠৰ ভিন্ন মত

দুজনীয়া বিচাৰপীঠৰ দুই ন্যায়াধীক্ষৰ হিজাব নিষিদ্ধকৰণ সন্দৰ্ভত ভিন্ন মতৰ বাবে গোচৰটো চূড়ান্ত শুনানিৰ বাবে ভাৰতৰ মুখ্য ন্যায়াধীশ ইউ ইউ ললিতলৈ (Chief Justice of India UU Lalit) প্ৰেৰণ কৰা হৈছে ।

hijab
hijab

By

Published : Oct 13, 2022, 11:37 AM IST

Updated : Oct 13, 2022, 12:01 PM IST

নিউজ ডেস্ক, ১৩ অক্টোবৰ : কৰ্ণাটকৰ হিজাব গোচৰত অচলাৱস্থা অব্যাহত (Hijab stalemate continues) । কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ দ্বাৰা ঘোষণা কৰা হিজাবৰ ওপৰত নিষেধাজ্ঞা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ দুই সদস্যৰে গঠিত বিচাৰপীঠৰ ভিন্ন মত (SC bench differed opinion regarding ban on Hijab) ।

উল্লেখ্য, কৰ্ণাটক চৰকাৰৰ শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধকৰণ সম্পৰ্কীয় নিৰ্দেশ বাহাল ৰাখিছিল কৰ্ণাটক উচ্চ ন্যায়ালয়ে । উক্ত ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত গোচৰ তৰা হয় । উক্ত গোচৰৰ আজি চূড়ান্ত শুনানি আছিল ।

কিন্তু দুজনীয়া বিচাৰপীঠৰ দুই ন্যায়াধীক্ষৰ এই সন্দৰ্ভত ভিন্ন মতৰ বাবে গোচৰটো চূড়ান্ত শুনানিৰ বাবে ভাৰতৰ মুখ্য ন্যায়াধীশ ইউ ইউ ললিতলৈ (Chief Justice of India UU Lalit) প্ৰেৰণ কৰা হৈছে ।

উল্লেখ্য, শীৰ্ষ ন্যায়ালয়ে ইয়াৰ পূৰ্বে কৰ্ণাটক উচ্চ ন্যায়ালয়ক প্ৰত্যাহ্বান জনোৱা বিভিন্ন আবেদনৰ ওপৰত নিজৰ আদেশ সংৰক্ষিত ৰাখিছিল । কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়টোত কৰ্ণাটক চৰকাৰৰ শিক্ষানুষ্ঠানসমূহত হিজাবৰ ওপৰত নিষেধাজ্ঞাক সমৰ্থন জনাইছিল । আজি ছুপ্ৰিম কোৰ্টত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়ক সমৰ্থন জনাই ন্যায়াধীশ হেমন্ত গুপ্তাই হিজাব নিষিদ্ধকৰণৰ বিৰুদ্ধে কৰা আবেদনসমূহ খাৰিজ কৰে । আনহাতে, ন্যায়াধীশ সুধাংশু ধুলিয়াই তেওঁলোকক অনুমতি দিয়ে ।

তেওঁৰ ৰায়ত ন্যায়াধীশ হেমন্ত গুপ্তাই কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ নিষেধাজ্ঞাৰ ৰায়ক সমৰ্থন জনাই কয়, "মোৰ নিৰ্দেশত ১১ টা প্ৰশ্ন ৰখা হৈছে । মই আপীলৰ বিৰুদ্ধে সকলো প্ৰশ্নৰ উত্তৰ দিছোঁ । মই আপীলবোৰ খাৰিজ কৰাৰ প্ৰস্তাৱ দিছোঁ ।"

আনহাতে, ন্যায়াধীশ সুধাংশু ধুলিয়াই সকলো আপীলৰ অনুমতি দিয়ে আৰু কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ ৰায়টো আঁতৰাই ৰাখে । "মোৰ বিচাৰৰ মুখ্য গুৰুত্ব হৈছে যে অত্যাৱশ্যকীয় ধৰ্মীয় অনুশীলনৰ সমগ্ৰ ধাৰণাটো বিবাদটোৰ বাবে অত্যাৱশ্যকীয় নাছিল । উচ্চ ন্যায়ালয়ে এটা ভুল পথ লৈছিল । এইটো আচলতে পছন্দ আৰু অনুচ্ছেদ ১৪ আৰু ১৯-ৰ বিষয় ।" ধুলিয়াই কয়।

"এয়া পছন্দৰ বিষয়, তাৰ বাহিৰে আন একো নহয় । মোৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো আছিল, ছাত্ৰীসকলৰ শিক্ষা । আমি তেওঁলোকৰ জীৱন অধিক উন্নত কৰিছোঁনে ? এইটো প্ৰশ্ন মোৰ মনত আছিল ।" ধুলাই লগতে কয় ।

লগতে পঢ়ক :Karnataka hijab ban : আজি উচ্চতম ন্যায়ালয়ৰ ৰায়দান

Last Updated : Oct 13, 2022, 12:01 PM IST

ABOUT THE AUTHOR

...view details