অসম

assam

ETV Bharat / bharat

ভাৰত-পাকিস্তান সীমান্তত উদ্ধাৰ গোপন সুৰংগ - ভাৰত পাকিস্তান সীমান্তত সুৰংগ উদ্ধাৰ

ভাৰত-পাকিস্তান সীমান্তত সুৰংগ উদ্ধাৰ (Tunnel detected in Indo Pak border)। বিএছএফ বাহিনীয়ে সুৰংগ প্ৰত্যক্ষ কৰাৰ পাছতে জম্মুৰ চাম্বা অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে । সেই সুৰংগৰে কোনো সন্ত্ৰাসবাদী ভাৰতত প্ৰৱেশ কৰাৰ সন্দেহ বহুতৰ ।

Jammu Samba area
জম্মুৰ চাম্বা অঞ্চলত সুৰংগ

By

Published : May 5, 2022, 6:52 PM IST

নেশ্যনেল ডেস্ক,৫ মে' :জম্মু-কাশ্মীৰত এক সুৰংগক লৈ তীব্ৰ উত্তেজনা । আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপত এক সুৰংগ প্ৰত্যক্ষ কৰাৰ পাছতে জম্মুৰ চাম্বা অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে (Tunnel detected in Jammu Samba region)। সীমান্ত সুৰক্ষা বাহিনীৰ (BSF) এগৰাকী বিষয়াই জনোৱা মতে চাম্বা অঞ্চলৰ ফেঞ্চিঙৰ সমীপত সৰু মুকলি স্থান পোৱাৰ সন্দেহ কৰা হৈছে । বিষয়াগৰাকীয়ে জনোৱা মতে BSF এ অঞ্চলটোত অনুসন্ধান আৰম্ভ কৰিছে । বিভিন্ন স্থানত সীমান্ত সুৰক্ষা বাহিনী অভিযান তীব্ৰতৰ কৰি তুলিছে ।

উল্লেখ্য যে, যোৱা ২২ এপ্ৰিলত জম্মুৰ চুঞ্জৱান অঞ্চলত হোৱা সংঘৰ্ষত জৈইচ-ই-মহম্মদৰ (JeM) দুটাকৈ সন্ত্ৰাসবাদী নিহত হৈছিল । সন্ত্ৰাসবাদী কেইটাৰ পৰা AK-47 কে ধৰি বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰিছিল । অনুসন্ধানৰ পাছত এইটো পোহৰলৈ আহিছে যে সন্ত্ৰাসবাদী কেইটাই অনুপ্ৰৱেশ কৰি চাম্বাৰ সোপোৱাল অঞ্চলৰ পৰা এখন মিনি ট্ৰাকত আহিছিল ।

সীমান্ত সুৰক্ষা বাহিনীয়ে তাৰ পিছৰে পৰা সেই অঞ্চলটোত বৃহৎ সুৰংগ বিৰোধী অভিযান আৰম্ভ কৰিছে (BSF launched massive anti tunnelling operation) আৰু অভিযানৰ মাজতে চাম্বা খণ্ডৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত জোৱানসকলে এটা সুৰংগ চিনাক্ত কৰে ।

সুৰংগ চিনাক্ত হোৱাৰ পাছতে সমগ্ৰ অঞ্চলটোত নিৰাপত্তা বাহিনীয়ে অধিক কটকটীয়া বেষ্টনী গঢ়ি তুলিছে । জম্মু আৰু কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান দিলবাগ সিঙে সন্দেহ প্ৰকাশ কৰি কয় যে সম্ভৱত নিহত সন্ত্ৰাসবাদী কেইটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কেন্দ্ৰীয় শাসিত অঞ্চল ভ্ৰমণত কূটাঘাত সংঘটিত কৰাৰ কোনো ডাঙৰ ষড়যন্ত্ৰৰ অংশ হ'ব পাৰে । আৰক্ষীয়ে জনোৱা মতে জম্মু-কাশ্মীৰৰ যিকোনো অঞ্চলতে সন্ত্ৰাসবাদী কেইটাই কূটাঘাত সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল ।

উল্লেখ্য যে সীমান্ত অঞ্চলত বিএছএফকে ধৰি নিৰাপত্তা বাহিনীৰ চোকা দৃষ্টি থকাৰ পাছতো এনেদৰে সুৰংগ উদ্ধাৰ হোৱাত এতিয়া বিভিন্ন মহলত প্ৰশ্নৰো উদয় । বহুতে সন্দেহ কৰিছে পাকিস্তানৰ পৰা ভাৰতলৈ তেনে সুৰংগৰ মাজেৰেই সন্ত্ৰাসবাদীবোৰ প্ৰৱেশ কৰি আহিছে নেকি ?

লগতে পঢ়ক :মণিপুৰৰ ৰাজধানী ইম্ফলত শক্তিশালী IED বিস্ফোৰণ

ABOUT THE AUTHOR

...view details