নেশ্যনেল ডেস্ক, 24 অক্টোবৰ :আৰক্ষীৰ পৰা সুৰক্ষা বিচাৰি আন্তঃধৰ্মীয় দম্পতীয়ে দাখিল কৰা আবেদন নাকচ কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে ৷ কাৰণ তেওঁলোক লিভ ইন ৰিলেচনশ্বিপত আছে । উচ্চ ন্যায়ালয়ে কয় যে এনে সম্পৰ্ক কোনো আন্তৰিকতা নোহোৱাকৈ বিপৰীত লিংগৰ প্ৰতি আকৰ্ষণৰ দ্বাৰা পৰিচালিত হয় । অৱশ্যে উচ্চতম ন্যায়ালয়ে বহু গোচৰত লিভ-ইন ৰিলেচনশ্বিপক বৈধতা প্ৰদান কৰিছে ৷
এই নিৰ্দেশ ন্যায়াধীশ ৰাহুল চতুৰ্বেদী আৰু ন্যায়াধীশ মহম্মদ আজহাৰ হুছেইন ইদ্ৰিছীৰ বিচাৰপীঠে প্ৰদান কৰিছে । খণ্ডপীঠয়ে কয় যে দুমাহৰ পাচত আৰু ২০-২২ বছৰ বয়সত আদালতে আশা কৰিব নোৱাৰে যে দম্পতীটোৱে এনে অস্থায়ী সম্পৰ্কৰ বিষয়ে গুৰুত্বসহকাৰে কোনো বিচাৰ বিবেচনা কৰিব পাৰিব ।
স্থিৰতা আৰু সততাৰ তুলনা
আদালতৰ মতে এই ধৰণৰ সম্পৰ্কত স্থিৰতা আৰু সততাতকৈ মোহ বেছি । যদিহে দম্পতীটোৱে বিয়া হৈ নিজৰ সম্পৰ্কক নাম নিদিয়ে বা ইজনে সিজনৰ প্ৰতি সৎ নহয়, তেন্তে এই ধৰণৰ সম্পৰ্কত আদালতে কোনো মতামত প্ৰকাশ কৰিব নোৱাৰে । এগৰাকী হিন্দু যুৱতী আৰু এজন মুছলমান যুৱকেই যৌথভাৱে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে এই মন্তব্য কৰে ।
আবেদনখনত IPC ৰ ৩৬৬ ধাৰাত ল’ৰাজনৰ বিৰুদ্ধে ছোৱালীজনীৰ পেহীয়ে দাখিল কৰা FIR ক প্ৰত্যাহ্বান জনাইছে । আবেদনখনত তেওঁলোকে আৰক্ষীৰ পৰাও সুৰক্ষা বিচাৰিছে ৷ কাৰণ দম্পতীটোৱে লিভ ইন ৰিলেচনশ্বিপত থকাৰ সিদ্ধান্ত লৈছে ।