অসম

assam

ETV Bharat / bharat

Gyanvapi campus: জ্ঞানবাপীত অ-হিন্দুৰ প্ৰৱেশ নিষিদ্ধ বিচাৰি দাখিল কৰা আবেদন খাৰিজ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

এলাহাবাদ উচ্চ ন্যায়ালয়ে জ্ঞানবূাপীত অ-হিন্দুসকলৰ প্ৰৱেশনিষিদ্ধ কৰাৰ বাবে দাখিল কৰা এখন পিআইএল খাৰিজ কৰে মঙলবাৰে ৷ মুখ্য ন্যায়াধীশে কয় যে এয়া এতিয়া সম্ভৱ নহয় ৷

Gyanvapi campus
Gyanvapi campus

By

Published : Aug 8, 2023, 9:58 PM IST

নেশ্যনেল ডেস্ক, 8 আগষ্ট: এলাহাবাদ উচ্চ ন্যায়ালয়ে বাৰাণসীৰ বিতৰ্কিত জ্ঞানবাপীৰ চৌহদ বন্ধ কৰা আৰু অ-হিন্দুসকলৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ বাবে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন (PIL) খাৰিজ কৰে ৷ মুখ্য ন্যায়াধীশ প্ৰীতিঙ্কৰ দিবাকৰ আৰু ন্যায়াধীশ আশুতোষ শ্ৰীবাস্তৱৰ এখন খণ্ড বিচাৰপীঠে এই আবেদন খাৰিজ কৰে ৷

আদালতত শুনানিৰ সময়ত, আবেদনকাৰীয়ে কৈছিল যে মুছলমান সম্প্ৰদায়ৰ লোকসকলে নামাজৰ অজুহাতত চৌহদত প্ৰৱেশ কৰে ৷ যিয়ে জ্ঞানবাপীৰ পৰিৱেশ ক্ষতি কৰিছে ৷ লগতে আবেদনকাৰীয়ে কয় যে প্ৰতিদিনে বৃহৎ সংখ্যক উপাসক জ্ঞানবাপীৰ চৌহদত প্ৰৱেশ কৰে আৰু সেয়েহে আদালতে তেওঁলোকৰ অধিকাৰ সুৰক্ষিত কৰা উচিত ৷

ইয়াৰ প্ৰত্যুত্তৰত মুখ্য ন্যায়াধীশে কয় যে ‘আপোনাৰ পক্ষই সকলো অধিকাৰে’ই লাভ কৰিছে । যদি আপুনি বিচাৰে যে আমি অ-হিন্দুসকলৰ প্ৰৱেশ নিষিদ্ধ কৰোঁ বা সংখ্যাটো সীমিত কৰোঁ, তেন্তে এই মুহূৰ্তত এনে হ’ব নোৱাৰে ৷ উচ্চ ন্যায়ালয়ে নিম্ন আদালতত চলি থকা অসামৰিক মোকৰ্দমাত পোনপটীয়াকৈ হস্তক্ষেপ নকৰে ৷ ‘‘যদি আপুনি আবেদনখন প্ৰত্যাহাৰ কৰিব বিচাৰে, তেন্তে কৰিব পাৰে,’’ মুখ্য ন্যায়াধীশগৰাকীয়ে কয় ৷

উল্লখ্য যে বাৰাণসীত, জ্ঞানবাপী চৌহদৰ জৰীপ মঙলবাৰেও জৰীপ চলোৱা হয় ৷ জৰীপৰ প্ৰক্ৰিয়া দুপৰীয়া কিছু সময়ৰ বাবে স্থগিত ৰখা হৈছিল যদিও পুনৰ আৰম্ভ কৰা হয় ৷

একে সময়তে, ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ৷ ভিডিঅ’টোত এজন ব্যক্তি জ্ঞানবাপীৰ চৌহদত চিৰিৰ সহায়ত মুখ্য গম্বুজত উঠি থকা দেখা গৈছে । অৱশ্যে, আৰক্ষীয়ে কয় যে তেওঁলোকৰ ওচৰত এই সন্দৰ্ভত কোনো তথ্য নাই ৷

লগতে পঢ়ক:Rahul Gandhis Lok Sabha Membership : সমগ্ৰ দেশেই মোৰ ঘৰ; চৰকাৰী বাংলো ঘূৰাই পোৱাৰ পিছত ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details