নিউজ ডেস্ক, ১ ডিচেম্বৰ :ধন সংগ্ৰহৰ বাবে কোনে যে কিমান উপায় অৱলম্বন কৰে তাৰ কোনো সীমা সংখ্যা নাই । বৈধ বা অবৈধ বিভিন্ন উপায়েৰে বহুতে ধন সংগ্ৰহৰ বিভিন্ন অভিযোগ মাজে-সময়ে প্ৰকাশ পায় । আনকি ইয়াৰ বাবে শাস্তি লাভৰো উদাহৰণ পোৱা যায় । এইবাৰ এক অভিনৱ পদ্ধতিৰে বকচিচ বিচাৰি নিলম্বন হ'বলগা হ'ল খোদ এলাহবাদ উচ্চ ন্যায়ালয়ৰে এগৰাকী কৰ্মচাৰী ।
উচ্চ ন্যায়ালয়ৰ এজন অৰ্ডালিক তেওঁৰ ইউনিফৰ্মত পেটিএমৰ কিউ আৰ কোড (paytm qr code) লগাই বকচিচ সংগ্ৰহ কৰা আৰু টিপছ লোৱাৰ অভিযোগত নিলম্বিত কৰা হৈছে (High Court ardaly) । ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত ।
উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ ওচৰত তেওঁৰ সহায়ৰ বাবে নিযুক্ত এজন অৰ্ডালি ৰাজেন্দ্ৰ কুমাৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে যে তেওঁ উকীলসকলৰ পৰা টিপছ বা বাকচিচ সংগ্ৰহ কৰিবলৈ কেইবাদিনো ধৰি তেওঁৰ ইউনিফৰ্মত পেটিএমৰ কিউ আৰ কোড লগাই ঘূৰি ফুৰিছিল (High Court ardaly suspended for qr code on uniform) । যিসকল অধিবক্তাই নগদ বকচিচ নিদিয়ে তেওঁলোকক পেটিএমত অনলাইন ধন প্ৰদান কৰিবলৈ কৈছিল ।