অসম

assam

By

Published : Jun 3, 2023, 3:55 PM IST

ETV Bharat / bharat

DK Shivakumar road show : মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা প্ৰকাশ শিৱকুমাৰৰ

কংগ্ৰেছ শাসনলৈ অহাৰ পাছত প্ৰথমবাৰলৈ নিজৰ সমষ্টিত উপস্থিত উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ (DK Shivakumar at his own constituency)। কেইবাটাও স্থানত ৰোড শ্ব'ত অংশ লৈ মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে নেতাগৰাকীয়ে । দলীয় কৰ্মীসকলকো ধন্যবাদ জ্ঞাপন কৰে নেতাগৰাকীয়ে ।

DK Shivakumar road show
মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা প্ৰকাশ শিৱকুমাৰৰ

নেশ্যনেল ডেস্ক,৩ জুন : কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সিদ্ধান্তত সন্তুষ্ট নহয় কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ । উপ-মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছতে প্ৰথমবাৰলৈ নিজৰ সমষ্টিত উপস্থিত হোৱাৰ পাছতে এই কথা অনুমান কৰিব পৰা গৈছে । সমষ্টিবাসীৰ সন্মুখত একপ্ৰকাৰ দলৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে । শিৱকুমাৰে সমষ্টিবাসীক উদ্দেশ্যি কৈছে," মোক মুখ্যমন্ত্ৰী হিচাপে দেখাৰ আশাত আপোনালোকে মোক আৰু দলটোক বৃহৎ সংখ্যাগৰিষ্ঠতাৰে ক্ষমতালৈ আনিছে । হাইকমাণ্ডৰ নিৰ্দেশত মই মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিব লগা হৈছে ।"

উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে আশা ব্যক্ত কৰি কয় যে এআইচিচিয়ে ভৱিষ্যতৰ দিনবোৰত এটা সন্দৰ্ভত সিদ্ধান্ত ল'ব আৰু তেওঁ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ'ব (Shiv Kumar expresses desire to become CM)।

উপ-মুখ্যমন্ত্ৰী হোৱাৰ পাছত কেপিচিচিৰ সভাপতি ডি কে শিৱকুমাৰ প্ৰথমবাৰৰ বাবে শনিবাৰে তেওঁৰ সমষ্টিত উপস্থিত হৈছে (DK Shivakumar at his own constituency)। হাৰোহাল্লিত ৰাইজক সম্বোধন কৰি তেওঁ কয় যে ৰাজ্যখনত সংখ্যাগৰিষ্ঠতাৰে কংগ্ৰেছে চৰকাৰ গঠন কৰিছে । ৰাইজক তেওঁ প্ৰশ্ন কৰিছে তেওঁলোকে ৰাজ্যখনত জেডিএছ দলৰ ক্ষমতা দেখিছে নেকি ? সেই দলটোক ৰাইজে দুবাৰকৈ ক্ষমতালৈ আনিছে । ৰাইজে তেওঁক মুখ্যমন্ত্ৰী হিচাপে চোৱাৰ আশাত কংগ্ৰেছক ক্ষমতালৈ আনিছে বুলি শিৱকুমাৰে উল্লেখ কৰে ।

তেওঁ উল্লেখ কৰা মতে ছোনিয়া গান্ধী, এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীৰ নিৰ্দেশত সিদ্দাৰামাইয়া মুখ্যমন্ত্ৰী হৈছে । সমষ্টিবাসীৰ ইচ্ছাও অনাগত দিনত সঁচা হ'ব বুলি তেওঁ কয় । ডি কে শিৱকুমাৰে বিশ্বাস কৰে যে কংগ্ৰেছ হাইকমাণ্ডে অহা দিনবোৰত পৰোক্ষভাৱে স্পষ্ট সিদ্ধান্ত ল'ব আৰু সেই সিদ্ধান্ত অনুসৰি তেওঁক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হ'ব ।

শিৱকুমাৰে সমষ্টিটোৰ বহু ঠাইত ৰোড শ্ব' অনুষ্ঠিত কৰে আৰু বিভিন্ন স্থানত মুখ্যমন্ত্ৰী হোৱাৰ ইচ্ছা প্ৰকাশ কৰে (DK Shivakumar road show)। তেওঁ হাৰোহাল্লি, শিৱানাহাল্লি, চাতানুৰ, ডোডা আলাহাল্লি, কোডিহাল্লিকে ধৰি বহু ঠাইত ৰোড শ্ব'ত অংশগ্ৰহণ কৰে আৰু দলীয় কৰ্মীসকলৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক :Odisha Train Accident : বিশ্বনেতাসকলৰ শোক; দুৰ্ঘটনাত পীড়িতসকলক সহায়ৰ আশ্বাস

For All Latest Updates

ABOUT THE AUTHOR

...view details