তেজপুৰ/হোজাই, 8 মাৰ্চ :ভাৰত-ম্যানমাৰ সীমান্তত পুনৰ জব্দ কৰা হৈছে নিচাযুক্ত সামগ্ৰী হেৰ’ইন (Heroin seize in India Myanmar Border) ৷ সততে দুয়োখন দেশৰ সীমান্ত অঞ্চলত এনেধৰণৰ নিচাজাতীয় সামগ্ৰী জব্দ হৈয়ে থাকে ৷ যি সীমান্তত সুৰক্ষাৰ দায়িত্বত নিয়োজিত সুৰক্ষা কৰ্মীৰ বাবে উদ্বেগৰ এক মুখ্য কাৰণ ৷
শেহতীয়াকৈ ভাৰত-ম্যানমাৰৰ সীমান্তৱৰ্তী চম্পাই নামৰ অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত হেৰ’ইন জব্দ কৰে অসম ৰাইফলছে ৷ প্ৰায় 3 কোটি মূল্যৰ হেৰ’ইনৰ সৈতে অভিযানকাৰী দলটোৱে কৰায়ত্ত কৰে এজন লোকক ৷
উল্লেখ্য যে, ৬৬ টা চাবোনৰ বাকচত চাৰিটাকৈ বাণ্ডিলত লুকুৱাই অনা হেৰ’ইনখিনিৰ ওজন হৈছে ৭৮০ গ্ৰাম ৷ জব্দ কৃত হেৰ’ইনখিনি মিজোৰামৰ নাৰ্ক’টিক্স বিভাগক চমজাই দিয়া হৈছে ৷ মিজোৰামৰ সমীপত অৱস্থিত এই সীমান্তৰ পৰাই কিছুদিন পূৰ্বে অসম ৰাইফলছৰ অভিযানকাৰী দলে বৃহৎ সংখ্যক বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হৈছিল ৷
ইফালে লামডিং ৰে’ল আৰক্ষীয়ে সোমবাৰে জব্দ কৰে বৃহৎ পৰিমাণৰ বিস্ফোৰণৰ সামগ্ৰী ৷ য’ত আছে ৫৮০ জিলেটিন ৰোল সহ বৈদ্যুতিক তাঁৰ ৷ এই বিস্ফোৰক সামগ্ৰীসমূহ কঢ়িয়াই অনা ব্যক্তিজনক ষ্টেচনটোৰ ৪ নং প্লেটফৰ্মৰ জিৰণি কোঠাৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে । উল্লেখ্য যে, ধৃত ব্যক্তিজনৰ ঘৰ ডিমা হাছাওৰ হাফলঙত ৷ জানিব পৰা মতে, এই সামগ্ৰীসমূহ ডিমাপুৰলৈ নিয়াৰ পৰিকল্পনা কৰিছিল ব্যক্তিজনে ।
লগতে চাওক:মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ সন্দৰ্ভত ছেবাৰ গুৰুত্বপূৰ্ণ জাননী