নেশ্যনেল ডেস্ক, 24 জুন :ট্ৰাম সেৱা কলিকতাবাসীৰ বাবে এক আবেগ (Kolkata Tram Service)৷ অন্য যাতায়ত সেৱাৰ ভিতৰত কলিকতাত এই যাতায়ত সেৱা প্ৰায় 150 বছৰ পুৰণি ৷ এক প্ৰকাৰে ক’ব পাৰি যে, চহৰখনত ট্ৰাম সেৱা হৈছে এছিয়াৰ আটাইতকৈ পুৰণি যাতায়ত সেৱাৰ এক ব্যৱস্থা ৷
অৱশ্যে বৰ্তমান কলিকতাত এই সেৱা কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ৷ একাংশৰ অভিযোগ অনুসৰি, অন্য বাহনৰ লেখিয়াকৈ বৈদ্যুতিক চালিত এই বাহনখনে লাহে লাহে ৰাজহ উৎপাদন প্ৰক্ৰিয়াত কিছু বাধাৰ সৃষ্টি কৰিছে ৷ যাৰ ফলত ৰাজহ সংগ্ৰহ প্ৰক্ৰিয়াত এক প্ৰকাৰে হেঙাৰ হৈ থিয় দিছে কলিকতাবাসীৰ আবেগ স্বৰূপ ট্ৰাম সেৱাই ৷
কেইবছৰমান পূৰ্বে, তদানীন্তন পৰিবহণ মন্ত্ৰী আৰু বৰ্তমানৰ বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীয়ে বিধান সভাত উত্থাপন কৰিছিল যে, ট্ৰামে চহৰখনৰ মাজভাগত অন্য যান-বাহন চলাচল কৰাত কিছু সমস্যাৰ সৃষ্টি কৰিছে । ফলস্বৰূপে, ইতিমধ্যে কেইবাটাও পথ বন্ধ কৰি দিয়া হৈছে ।
আনহাতে, ৰাজ্যৰ পৰিবহণ মন্ত্ৰী ফিৰহাদ হাকিমে বৃহস্পতিবাৰে ৰাজ্যৰ বিধানসভাত একেই সতৰ্কতা অৱলম্বন কৰা পৰিলক্ষিত হৈছিল ৷ পৰিবহণ মন্ত্ৰী তথা মেয়ৰ ফিৰহাদ হাকিমে বিধানসভাক কৈছিল যে, ৰাজ্য চৰকাৰে যান-বাহনৰ সমস্যাৰ বাবে ব্যস্ত ৰাস্তাত ট্ৰাম চলাব নিবিচাৰে ৷ ইয়াৰ পৰিৱৰ্তে, ট্ৰামবোৰ এনে কিছু ৰাস্তাত চলিব য'ত যান-জঁট পাতল হয় ।
আনকি বৈদ্যুতিক বাছ বা ট্ৰলী বাছক ট্ৰামৰ বিকল্প হিচাপে বিবেচনা কৰা হৈছে বুলিও মন্তব্য কৰে পৰিবহণ মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীৰ মতে, যান-জঁট পাতল হোৱা সকলো পথত কলিকতাবাসীৰ আবেগ ট্ৰাম চলিব ৷ ইয়াৰ বিপৰীতে মহানগৰখনৰ মাজভাগত অধিক মাত্ৰাত চলিব বৈদ্যুতিক বাছ (More electric buses will run in the heart of the metropolis) ।