অসম

assam

ETV Bharat / bharat

আস্থা ভোটত হেমন্তৰ জয়: অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিধায়ক কিনা বেচাৰ অভিযোগ উত্থাপন - Jharkhand CM Hemant Sorens Assembly membership

আস্থা ভোটত জয়ী হ’ল হেমন্ত চোৰেণ (Hemant Soren passes Jharkhand trust vote)৷ চোৰেণ বিধানসভা সচিবালয়ৰ দ্বাৰা বিধায়কসকললৈ প্ৰেৰণ কৰা এখন পত্ৰ অনুসৰি নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ আস্থা ভোটৰ প্ৰস্তাৱ উত্থাপন কৰিছিল ৷

Etv BharatHemant Soren passes Jharkhand trust vote
Etv Bharatআস্থা ভোটত জয়যুক্ত হেমন্ত চোৰেণ

By

Published : Sep 5, 2022, 4:59 PM IST

নেশ্যনেল ডেস্ক, 5 ছেপ্টেম্বৰ:ঝাৰখণ্ডৰ ৰাজনীতিত নতুন মোৰ ৷ আস্থা ভোটত জয়যুক্ত হ’ল হেমন্ত চোৰেণ (Hemant Soren passes Jharkhand trust vote)৷ বিজেপিয়ে অ-বিজেপি শাসিত ৰাজ্যসমূহত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰসমূহক অস্থিৰ কৰিবলৈ চেষ্টা কৰা বুলি কৈ হেমন্ত চোৰেণে বিধানসভাত আস্থা ভোটৰ প্ৰস্তাৱ উত্থাপন কৰিছিল ৷ ইয়াৰ লগতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে অভিযোগ উত্থাপন কৰি কয় যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডৰ বিধায়কসকলক কিনা বেচা কৰাত সক্ৰিয় ভূমিকা পালন কৰিছে (Assam CM attempted to purchase Jharkhand legislators)৷

লগতে চোৰেণে কয় যে, বিজেপিয়ে নিৰ্বাচন জিকিবলৈ হাই কাজিয়াৰ সৃষ্টি কৰি গৃহযুদ্ধৰ সৃষ্টি কৰিছে ৷ বিজেপিয়ে গণতন্ত্ৰ ধ্বংস কৰিছে । বিজেপিয়ে বিধায়কসকলৰ হৰ্ছ ট্ৰেডিঙত লিপ্ত হৈছে ৷ আমি সদনত আমাৰ শক্তি প্ৰদৰ্শন কৰিম ৷ মানুহে বজাৰত সামগ্ৰী ক্ৰয় কৰে, কিন্তু বিজেপিয়ে বিধায়ক ক্ৰয় কৰে ৷

যোৱা 25 আগষ্টত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ (Jharkhand CM Hemant Soren) বিধানসভাৰ সদস্য পদ বাতিল কৰাৰ সিদ্ধান্ত লৈছিল দেশৰ নিৰ্বাচন আয়োগে (Jharkhand CM Hemant Sorens Assembly membership) ৷ ৰাজ্যখনৰ এক কয়লা খনিৰ লীজ আৱণ্টন নিজৰ লগতে আত্মীয়ৰ নামত কৰোৱাই নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগত নিৰ্বাচন আয়োগে চোৰেণৰ বিধায়ক (Jharkhand Governor Ramesh Bais) পদ বাতিল কৰাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ যাৰ ফলত ৰাজ্যখনত ৰাজনৈতিক সংকটৰ সৃষ্টি হৈছিল ৷

তাৰ পিছত চোৰেণে বিধানসভা সচিবালয়ৰ দ্বাৰা বিধায়কসকললৈ প্ৰেৰণ কৰা এখন পত্ৰ অনুসৰি নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ আত্মবিশ্বাসৰ প্ৰস্তাৱ উত্থাপন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল ৷

লগতে পঢ়ক:ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ বিধায়ক পদ খাৰিজ

ABOUT THE AUTHOR

...view details