অসম

assam

ETV Bharat / bharat

Indian Army Chopper Crash : তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু 13 জনৰ

তামিলনাডুত সেনাৰ হেলিকপ্তাৰ দুৰ্ঘটনাগ্ৰস্ত ৷ এই হেলিকপ্তাৰতে পৰিয়ালসহ যাত্ৰা কৰিছিল সেনা প্ৰধান বিপিন ৰাৱটে ৷ ইতিমধ্যে 13 জনৰ মৃত্যু হোৱা বুলি তথ্য পোৱা গৈছে ৷

helicopter carrying training at the Wellington Army Center in Coonoor crashed near a hotel
helicopter carrying training at the Wellington Army Center in Coonoor crashed near a hotel

By

Published : Dec 8, 2021, 1:55 PM IST

Updated : Dec 8, 2021, 5:58 PM IST

নেশ্যনেল ডেস্ক, 8 ডিচেম্বৰ : তামিলনাডুৰ নীলগিৰি জিলাৰ কুন্নুৰত ভাৰতীয় বায়ু সেনাৰ MI 17V5 হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত (Indian Army chopper crash) ৷ ভাৰতীয় চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পৰিয়ালৰ একাংশ সদস্য আৰু কেইজনমান সেনা বাহিনীৰ লোকক কঢ়িয়াই নিছিল হেলিকপ্টাৰখনে (CDS Gen Bipin Rawa on board the crashed chopper) ৷ কইম্বাটুৰ আৰু চুলুৰৰ মাজত দুঘৰ্টনাত পতিত হয় MI হেলিকপ্টাৰখন (IAF chopper crashed in Tamilnadu) ৷ বৰ্তমানলৈকে পোৱা তথ্য অনুসৰি এই ঘটনাত 13 লোকৰ প্ৰাণ হানি হৈছে ৷

চুলুৰস্থিত বায়ুসেনাৰ চাউনীৰ পৰা ৱেলিংটনৰ ডিফেন্স চাৰ্ভিচ কলেজ অভিমুখে গৈ থকা সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ৷ হেলিকপ্টাৰখনত আছিল মুঠ 14 গৰাকী যাত্ৰী ৷ যাৰ মাজত আছিল চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পত্নী, সেনা সহায়ক, সুৰক্ষা কামাণ্ডো আৰু বায়ুসেনাৰ বিমান চালক ৷

এই হেলিকপ্টাৰখনত আছিল-

চি ডি এছ জেনেৰেল বিপিন ৰাৱাট

মধুলিকা ৰাৱাট (বিপিন ৰাৱাটৰ পত্নী)

ব্ৰিগেডিয়াৰ এল এছ লিড্ডাৰ

লেঃ কৰ্ণেল হৰ্জিন্দাৰ সিং

নায়ক গুৰসেৱক সিং

নায়ক জিতেন্দ্ৰ কুমাৰ

লেঞ্চ নায়ক বিবেক কুমাৰ

লেঞ্চ নায়ক বি চাই তেজা

হাবিলদাৰ সতপাল

পৃথিৱী সিং চৌহান

অভিশপ্ত এই Mi-17V5 হেলিকপ্টাৰখনৰ পাইলট আছিল উইং কামাণ্ডাৰ পৃথিৱী সিং চৌহান ৷ 109 হেলিকপ্টাৰ ইউনিটৰ কামাণ্ডিং অফিচাৰ আছিল তেওঁ ৷

স্থানীয় সেনা বাহিনীৰ বিষয়া ইতিমধ্যে দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে ৷ তেওঁলোকে জনোৱা মতে, স্থানীয় লোকে প্ৰায় 80 শতাংশ দগ্ধ হোৱা দুটা শৰীৰ উদ্ধাৰ কৰি স্থানীয় হাস্পতালত ভৰ্তি কৰাইছে ৷ আন কেইবাটাও শৰীৰ দুৰ্ঘটনা স্থলীৰ পৰা তলত দেখা গৈছিল ৷ উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান আৰম্ভ কৰি 13 জনৰ জলন্ত শৰীৰ উদ্ধাৰ কৰে ৷ ইতিমধ্যে বিশেষ সূত্ৰই জনোৱা মতে 13 জনৰ মৃত্যু হৈছে এই শোকাৱহ ঘটনাত ৷

এই দুৰ্ঘটনাটো সংঘটিত হৈছে নানজাপঞ্চথিৰাম অঞ্চলত ৷ ঘন কুঁৱলীৰ বাবেই দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন ৷ ইতিমধ্যে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সমগ্ৰ ঘটনা পৰ্যবেক্ষণ কৰিছে ৷ সেনাৰ শীৰ্ষ বিষয়াৰ সৈতে এক বৈঠকো অব্যাহত থকাৰ তথ্য পোৱা গৈছে ৷ তাৰোপৰি বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল ভি আৰ চৌধাৰী উপস্থিত হৈছে চুলুৰ ৷ এই ঘটনাৰ প্ৰতি মূহুৰ্তৰ খবৰ জানিবলৈ সংযুক্ত হৈ থাকক ইটিভি ভাৰতৰ সৈতে ৷

লগতে পঢ়ক :Indian Army Chopper Crashed : কোন কোন আছিল অভিশপ্ত হেলিকপ্টাৰখনত ?

Last Updated : Dec 8, 2021, 5:58 PM IST

ABOUT THE AUTHOR

...view details