নিউজ ডেস্ক, 2 ফেব্ৰুৱাৰী: নাগালেণ্ডৰ ৰাজনৈতিক ক্ষেত্ৰত ইতিহাস ৰচনা কৰি পোন প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হ’ল এগৰাকী মহিলা ৷ নেশ্যনেলিষ্ট ডেমক্ৰেটিক প্ৰগ্ৰেচিভ পাৰ্টী চমুকৈ NDPP দলৰ পৰা মহিলা বিধায়িকা হিচাবে নিৰ্বাচনত হ’ল হেখানি জাখালু ৷ 3 নং ডিমাপুৰ সমষ্টিৰ পৰা 1,536 টা ভোটত জয়লাভ কৰি ইতিহাস ৰচিবলৈ সক্ষম হ’ল 48 বছৰীয়া হেখানি (First Nagaland woman MLA) ৷
উল্লেখ্য যে, নাগালেণ্ডৰ 60খন আসনৰ ভিতৰত 59 খন আসনৰ বাবে 27 ফেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা ভোট গ্ৰহণৰ আজি চলি আছে গণনা ৷ নাগালেণ্ডৰ বিধানসভা নিৰ্বাচনত সৰ্বমুঠ 183 গৰাকী প্ৰাৰ্থীয়ে কৰিছিল প্ৰতিদ্বন্দিতা ৷ যাৰ ভিতৰত আছিল 4 গৰাকী মহিলা প্ৰাৰ্থী ৷ 4 গৰাকী মহিলা প্ৰাৰ্থীৰ ভিতৰত জয়লাভ কৰিবলৈ সক্ষম হ’ল হেখানি জাখালু (Nagaland Assembly election counting) ৷
এগৰাকী সমাজকৰ্মী হিচাবে হেখানি জাখালু আছিল অতি জনপ্ৰিয় ৷ আমেৰিকাত শিক্ষা গ্ৰহণ কৰি নাগালেণ্ডলৈ ঘূৰি আহি ‘য়ুথনেট নাগালেণ্ড’ (YouthNet Nagaland) নামৰ এটা এনজিঅ’ আৰম্ভ কৰি যুৱকসকলক শিক্ষাৰ সুবিধা প্ৰদান কৰাৰ লগতে ব্যৱসায় কৰাৰ সুবিধা প্ৰদান কৰি আহিছিল ৷ 2018 চনত নাৰী শক্তি পুৰষ্কাৰো লাভ কৰিবলৈ সক্ষম হৈছিল হেখানি জাখালুৱে (Nagaland MLA Hekani Jakhalu) ৷