নেশ্যনেল ডেস্ক, ২৯ ছেপ্টেম্বৰ :পুনৰ প্ৰকৃতিয়ে তাণ্ডৱ চলাইছে মহাৰাষ্ট্ৰত । ধাৰাসাৰ বৰষুণ, বানপানী আৰু বজ্ৰপাতত ৰাজ্যখনত কমেও ১৩ জন লোকে অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে । এন ডি আৰ এফ (NDRF) বাহিনীয়ে প্ৰভাৱিত অঞ্চলবোৰত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে । এতিয়ালৈ হেলিকপ্টাৰ, নাও আদিৰে প্ৰায় ৫৬০ জন লোকক উদ্ধাৰ কৰিছে এন ডি আৰ এফ বাহিনীয়ে ।
২০০ ৰো অধিক পশুধন নিধন হোৱাৰ লগতে বহু সংখ্যক পানীত উটি গৈছে । এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যখনৰ মাৰাঠৱাড়া অঞ্চলত । ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৪ ঘণ্টাত মাৰাঠৱাড়া, মুম্বাই আৰু মহাৰাষ্ট্ৰৰ উপকূলীয় কংকন অঞ্চলৰ অন্যান্য অংশত ধাৰাসাৰ বৰষুণৰ আগজাননী দিছে । ধাৰাষাৰ বৰষুণৰ ফলত মধ্য মহাৰাষ্ট্ৰৰ মাৰাঠৱাড়া অঞ্চলৰ প্ৰায় আঠখন জিলা প্ৰভাৱিত হৈছে ।
মঞ্জৰা বান্ধৰ অৱবাহিকা অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত কৰ্তৃপক্ষই মঙলবাৰে পানী নিষ্কাশনৰ বাবে থকা জলাশয়ৰ ১৮ খনকৈ গেট খুলিবলৈ বাধ্য হয়, যাৰ ফলত বীড জিলাৰ কিছুমান গাঁৱত কৃত্ৰিমবানৰ সৃষ্টি হয় । স্থানীয় প্ৰশাসনে মঞ্জৰা বান্ধৰ ১৮ খনকৈ গেট আৰু মাজালগাঁও বান্ধৰ ১১ খন গেট খুলি দিয়ে ।
দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এজন বিষয়াই জনোৱা মতে ধাৰাসাৰ বৰষুণ আৰু বজ্ৰপাতৰ ফলত ১৩৬ গৰাকী লোক আঘাতপ্ৰাপ্ত হৈছে । আনহাতে মৃত্যু হোৱা ১৩ গৰাকীৰ ভিতৰত ১২ গৰাকীয়ে মাৰাঠৱাড়া আৰু বিদৰ্ভ অঞ্চলৰ আৰু এগৰাকী উত্তৰ মহাৰাষ্ট্ৰৰ নাছিক জিলাৰ বুলি জানিব পৰা গৈছে । বিষয়া গৰাকীৰ মতে নাছিক জিলাত বজ্ৰপাতৰ ফলত এগৰাকী লোকৰ মৃত্যু হয় আৰু আন চাৰিজন আহত হয় ।