অসম

assam

ETV Bharat / bharat

দিল্লীত বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী: বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণ

দিল্লীৰ বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণ(Heavy rain in Delhi) । বতৰবিজ্ঞান বিভাগে এই ক্ষেত্ৰত এক বিশেষ জাননী প্ৰকাশ কৰিছে । বতৰ বিজ্ঞানৰ তথ্য অনুসৰি সমগ্ৰ দিল্লী তথা NCRৰ কাষৰীয়া অঞ্চলত পাতলৰ পৰা মধ্যমীয়া বৰষুণৰ লগতে ঘন্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগেৰে ধুমুহা অহাৰ সম্ভাৱনা আছে(Heavy rain with thunderstorms in Delhi) ।

By

Published : Jun 17, 2022, 7:09 PM IST

দিল্লীত বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী: বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণ
দিল্লীত বতৰ বিজ্ঞানৰ সতৰ্কবানী: বিভিন্ন প্ৰান্তত ধাৰাষাৰ বৰষুণ

নেশ্যনেল ডেস্ক,১৭ জুন: প্ৰচণ্ড গৰমে দহি থকা দেশৰ ৰাজধানী দিল্লীৰ কিছু অংশত ধাৰাষাৰ বৰষুণে কিছু সকাহ দিছিল স্থানীয় বাসিন্দাক(Heavy rain in Delhi) । কিন্তু ইয়াৰ পাছতে শুকুৰবাৰে দিনৰ ১:৫০ বজাত বতৰ বিভাগে এক বিশেষ টুইট কৰে । বতৰ বিজ্ঞান বিভাগে টুইটযোগে কয় যে সমগ্ৰ দিল্লী আৰু এনচিআৰ অৰ্থাৎ লোনি দেহাট, হিন্দন এএফ ষ্টেচন, গাজিয়াবাদ, ইন্দিৰাপুৰম, ছপ্ৰাউলা, নয়ডা, দাদৰী, গ্ৰেটাৰ নয়ডাৰ ওচৰৰ অঞ্চলত পাতলৰ পৰা মধ্যমীয়া বৰষুণ তথা বজ্ৰপাতৰ সৈতে প্ৰচণ্ড ধুমুহা অহাৰ সম্ভাৱনা আছে(Thunderstorm with light to moderate intensity rain in Delhi) ।

উল্লেখ্য যে শুক্ৰবাৰে পুৱাৰভাগত দিল্লীৰ কিছু অংশত ধাৰাসাৰ বৰষুণ হৈছিল । ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে সৰ্বনিম্ন তাপমাত্ৰা পাঁচ নটচ হ্ৰাস হৈ ২২.৮ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাইছে । বতৰ বিজ্ঞান বিভাগৰ কাৰ্যালয়ে ইয়াৰ পূৰ্বে উল্লেখ কৰিছিল যে যোৱা ২৪ ঘণ্টাত চহৰখনত ৭ মিঃমিঃ বৰষুণ হৈছিল । দিনটোৰ সৰ্বাধিক তাপমাত্ৰা ৩৭ ডিগ্ৰী চেলচিয়াছত স্থিৰ হোৱাৰ সম্ভাৱনাও প্ৰকাশ কৰে বতৰ বিজ্ঞান বিভাগে ।

লগতে পঢ়ক:লোহিত এক্সপ্ৰেছত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details