অসম

assam

ETV Bharat / bharat

Heavy rains in North India : প্ৰকৃতিৰ ৰোষত উত্তৰ ভাৰত; ৩ দিনত প্ৰায় ৪২ জনৰ মৃত্যু - Rain in Himachal Pradesh

দিল্লী, উত্তৰাখণ্ড, পঞ্জাৱ, হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু ৰাজস্থানত ধাৰাসাৰ বৰষুণ । বানৰ কবলত পৰিছে বহু অঞ্চল । যোৱা ৩ দিনত ৪০ ৰো অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ।

Heavy rains in North India
প্ৰকৃতিৰ ৰোষত উত্তৰ ভাৰত

By

Published : Jul 11, 2023, 12:06 PM IST

নেশ্যনেল ডেস্ক,১১ জুলাই :প্ৰকৃতিৰ ৰোষত পৰিছে সমগ্ৰ উত্তৰ ভাৰত । ৰাজধানী দিল্লীৰ পৰা আৰম্ভ কৰি উত্তৰাখণ্ড, পঞ্জাৱ, হাৰিয়ানা, হিমাচল প্ৰদেশ সকলোতে প্ৰকৃতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ধাৰাসাৰ বৃষ্টিপাতৰ সমান্তৰালকৈ বান, ভূমিস্খলনৰ ফলত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে ৰাজ্য কেইখনত ।

যোৱা ৩ দিন ধৰি একেৰাহে উত্তৰ ভাৰতৰ কিছু অংশত ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । উত্তৰ ভাৰতৰ ৰাজ্যসমূহত বৰষুণ, বান আৰু ভূমিস্খলন আদিৰ দৰে ঘটনাত যোৱা ৩ দিনত প্ৰায় ৪২ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । অৱশ্যে ভাৰতীয় সেনা, এনডিআৰএফৰ কেইবাটাও দলক অঞ্চলবোৰত মোতায়েন কৰা হৈছে । তেওঁলোকে পীড়িত লোকসকলৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰাৰ লগতে আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে পৰিস্থিতি সম্পৰ্কে কথা পাতিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা সকলো সম্ভৱ সহায় আৰু সহযোগিতাৰ আশ্বাস দিছে ।

হিমাচল প্ৰদেশত যোৱা দুদিনত বান আৰু ভূমিস্খলনৰ ফলত ১৮ জনৰো অধিক লোকৰ মৃত্যু হৈছে । একেদৰে পঞ্জাৱ আৰু হাৰিয়ানাত ৯ জন, ৰাজস্থানত ৭ জন আৰু উত্তৰ প্ৰদেশত ৩ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । উত্তৰ ভাৰতৰ যমুনাকে ধৰি কেইবাখনো নদী ওফন্দি উঠিছে । ঘৰ, গছ-গছনিকে ধৰি বাহনবোৰ পানীত উটি যোৱা দেখিবলৈ পোৱা গৈছে ।

উত্তৰ ভাৰতৰ ৪ খন ৰাজ্যত ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ বাবে এনডিআৰএফৰ মুঠ ৩৯ টা দল মোতায়েন কৰা হৈছে । এনডিআৰএফৰ ১৪ টা দলে পঞ্জাৱত অভিযান চলাই আছে, আনহাতে হিমাচল প্ৰদেশত ১২ টা দল, উত্তৰাখণ্ডত ৮ টা আৰু হাৰিয়ানাত ৫ টা দল মোতায়েন কৰা হৈছে ।

ইফালে পঞ্জাৱ আৰু হাৰিয়ানাৰ অসামৰিক প্ৰশাসনে ইয়াৰ পূৰ্বে উদ্ধাৰ অভিযানৰ বাবে সেনাৰ পৰা সহায় বিচাৰিছিল আৰু সেনাই দুয়োখন ৰাজ্যৰ বানপীড়িত অঞ্চলত প্ৰশাসনক সহায় কৰিবলৈ পশ্চিম কমাণ্ডৰ বান সাহায্য দল প্ৰেৰণ কৰিছে ।

হিমাচল প্ৰদেশৰ বহু পৰ্যটনস্থলী প্ৰভাৱিত হোৱা দেখা গৈছে । চিমলাও যথেষ্ট প্ৰভাৱিত হৈছে । সোমবাৰে পুৱা চিমলাৰ থিঅ'গ মহকুমাত ভূমিস্খলনত ৩ জন লোকৰ মৃত্যু হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । জিলাখনত ১২০ টাতকৈও অধিক পথ বন্ধ হৈ পৰিছে বুলি জানিব পৰা গৈছে । পানী যোগান আঁচনি আদিৰ ক্ষতি হৈছে । বহু স্থানত এতিয়াও দেশ-বিদেশৰ পৰ্যটকসকল আৱদ্ধ হৈ আছে ।

লগতে পঢ়ক :Himachal Pradesh: পানীৰ মাজত আৱদ্ধ 6 জন লোক; উটি গ’ল শতবছৰ পুৰণি দলং

ABOUT THE AUTHOR

...view details