নেচনেল ডেক্স,১৩ জুলাই: তেলেংগানাত ধাৰাসাৰ বৰষুণে ব্যাহত কৰিছে জনজীৱন (Heavy rains disrupting Telangana)। ইতিমধ্য়ে ৰাজ্য়খনৰ বহুতো জিলাত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা নদীৰ বৰ্ধিত পানীয়ে প্লাৱিত কৰিছে বহু গাঁও । বিশেষকৈ উত্তৰ তেলেংগানা জিলাত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । সেইবাবে ৱাৰাংগলৰ জয়শংকৰ ভূপালাপল্লী জিলাৰ ভূপালাপল্লী, পালিমেলা, মহামুত্তৰম, মহাদেৱপুৰ আৰু কাটাৰাম মণ্ডলত ১৫ টা অস্থায়ী আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে( North Telangana districts are shaking)। ধাৰাসাৰ বৰষুণৰ বাবে পালিমেলা মণ্ডলৰ বাসিন্দাসকলে সমস্যাৰ সন্মুখীন হৈছে । পেড্ডামপেট পথটো বানে উটুৱাই নিয়াত ১৩ খন গাঁৱৰ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে । তদুপৰি বানৰ বাবে মুলুগু জিলাতো বহুলোক জলবন্দী হৈছে ।
মঙলবাৰে সংযুক্ত কৰিমনগৰ জিলা, পেড্ডাপল্লী জিলা কেন্দ্ৰৰ ৰাজীৱ পথত বানৰ ফলত যানবাহনৰ চলাচল ব্যাহত হৈ পৰে । চহৰখনৰ উপকণ্ঠ অঞ্চলৰ বহু কাৰ্যালয় আৰু অট্টালিকা বান ফলত প্লাবিত হৈছে । ৰাজ্যখনৰ বহু জিলাত গৰ্ভৱতী মহিলাকে ধৰি ৰোগীসকলে বৰষুণ আৰু বানৰ বাবে সমস্য়াৰ সন্মুখীন হ’বলগীয়া হৈছে । মঙলবাৰে মুলুগু জিলাৰ ভেংকটপুৰম মণ্ডলত এগৰাকী গৰ্ভৱতী মহিলাক চিকিৎসালয়লৈ লৈ যোৱাৰ বাবে কেইবা ঘণ্টা ধৰি কষ্ট কৰিব লগীয়া হয় । একেখন জিলাৰ ইতুৰুনগৰমতো একেই ছবি ফুটি উঠিছে। জয়শংকৰ জিলাৰ পালিমেলা, আদিলাবাদ জিলাৰ ইচোদা আৰু ইন্দ্ৰাভেলী মণ্ডলতো বানৰ প্ৰৱল সোঁতৰ মাজতে ৰোগীক চিকিৎসালয়লৈ নিবলগীয়া হৈছে ।