নেশ্যনেল ডেস্ক, 23 মে’ :ধাৰাসাৰ বৃষ্টিপাতৰ ফলত একপ্ৰকাৰ স্তব্ধ হৈ পৰিছে ৰাজধানী দিল্লীৰ জনজীৱন(Heavy rain in Delhi) ৷ বৰষুণৰ সমান্তৰালকৈ অহা বজ্ৰপাতেও প্ৰভাৱ পেলাইছে স্বাভাৱিক জীৱনযাত্ৰাত ৷ প্ৰতিকূল বতৰৰ এই প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে দিল্লীৰ বিমান পৰিসেৱাত ৷
সোমবাৰে পুৱাৰ ভাগত ৰাজধানীখনৰ কেইবাটাও অঞ্চলৰ লগতে এনচিআৰ এলেকাত ধাৰাসাৰ বৃষ্টিপাতৰ সমান্তৰালকৈ বজ্ৰপাতৰ ঘটনা সংঘটিত হয় ৷ ৰাজধানী চহৰখনত থকা ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰতো এই বৃষ্টিপাতৰ প্ৰভাৱ(Flight operations affected in Delhi) পৰা দেখা গৈছে ৷ যাত্ৰীসকলক বিমানৰ পৰৱৰ্তী উৰণ সন্দৰ্ভত তথ্য আহৰণৰ বাবে সংশ্লিষ্ট বিমান সংস্থাৰ সৈতে যোগাযোগ কৰিবলৈ টুইটযোগে বিমানবন্দৰ কৰ্তৃপক্ষই অনুৰোধ জনাইছে ।