অসম

assam

Heavy rain in Karnataka: কেইবাখনো জিলাত ৰেড এলাৰ্ট ঘোষণা

By

Published : Jul 11, 2022, 7:56 AM IST

কৰ্ণাটকৰ বহুকেইখন জিলাত বিগত কেইবাদিনো ধৰি অব্যাহত আছে ধাৰাসাৰ বৰষুণ (Heavy rain in Karnataka) । বৰষুণৰ ফলত কেইবাখনো জিলাত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে । ঠায়ে ঠায়ে সৃষ্টি হৈছে ভূমিস্খলণ । বানে লৈছে ভয়ংকৰূপ(Flood and landslide in Karnataka) । কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি ।

heavy rain lashes in karnataka disaster continues in many parts of state
কৰ্ণাটকত ধাৰাসাৰ বৰষুণ: বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি

নেশ্যনেল ডেস্ক,১১ জুলাই: ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ কৱলত কৰ্ণাটক । বিগত কেইবাদিনো ধৰি ৰাজ্যখনত প্ৰবল বৃষ্টিপাত হোৱাৰ ফলত ৰাজ্যখনৰ কেইবাখনো জিলাত বান পৰিস্থিতিয়ে লৈছে ভয়ংকৰ ৰূপ(Heavy rain in Karnataka) । ঠায়ে ঠায়ে সৃষ্টি হৈছে ভূমিস্খলনৰ(Flood and landslide in Karnataka) । বানত বুৰিছে ৰাজ্যখনৰ কেইবাখনো জিলা । পৰৱৰ্তী দুদিনলৈ ধাৰাষাৰ বৰষুণ অব্যাহত থকাৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ । বতৰ বিজ্ঞান বিভাগে ১২ জুলাইলৈকে উদুপী, উত্তৰা কানাড়া আৰু দক্ষিণ কানাড়া জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে ।

ভূমিস্খলনত ব্যাহত যাতায়ত ব্যৱস্থা

জানিব পৰা মতে ধাৰাষাৰ বৰষুণৰ ফলত কেইবাখনো জিলা এতিয়া বানৰ কৱলত । চিক্কামাগালুৰ জিলাত বানে লৈছে ভয়ংকৰ ৰূপ । তুঙ্গা নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত শ্ৰীংগেৰী মন্দিৰৰ চৌদিশ সম্পূৰ্ণৰূপে বানত বুৰ গৈছে। ইফালে জিলাখনৰ কোপ্পা তালুকৰ গুড্ডে থোটা গাঁৱত ভূমিস্খলন হোৱাৰ বাতৰি প্ৰকাশ পাইছে । ভূমিস্খলনৰ ফলত হোৰানাডু-শ্ৰীংগেৰী পথত যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে প্ৰশাসনে ।

বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত ৰাজ্যখনত সতৰ্কতা জাৰি কৰাৰ লগতে ১২ জুলাইৰ পুৱা ৮.৩০ বজালৈকে উপকূলীয় দিশত ৰেড এলাৰ্ট ঘোষণা কৰিছে । ২০৫ মিমিতকৈ অধিক বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে বতৰ বিজ্ঞান কেন্দ্ৰই । উপকূলীয় জিলাসমূহৰ বাবে ১৩ আৰু ১৪ জুলাইত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে । চিমোগা, চিক্কামাগালুৰু আৰু কোডাগু জিলাৰ মালেনাডুৰ চাৰিখন জিলাত ১২ জুলাইলৈকে তিনি দিনৰ বাবে মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা থকাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ।

লগতে পঢ়ক:J&K Youth in militant : বিগত চাৰি বছৰত জম্মু-কাশ্মীৰৰ ৭০০ যুৱকক সন্ত্ৰাসবাদী সংগঠনত ভৰ্তি !

ABOUT THE AUTHOR

...view details