অসম

assam

By

Published : Jul 10, 2023, 10:28 AM IST

ETV Bharat / bharat

Himachal Pradesh: পানীৰ মাজত আৱদ্ধ 6 জন লোক; উটি গ’ল শতবছৰ পুৰণি দলং

উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত বিগত 24 ঘণ্টা ধৰি ধাৰাষাৰ বৰষুণ । উত্তৰ ভাৰতৰ আটাইতকৈ ক্ষতিগ্ৰস্ত ৰাজ্য হিচাপে বিবেচিত হৈছে হিমাচল প্ৰদেশ ৷ পানীৰ মাজত আৱদ্ধ 6 জন লোক ৷ অব্যাহত উদ্ধাৰ অভিযান ৷

Rains continue in Himachal Pradesh
হিমাচল প্ৰদেশত অব্যাহত বৃষ্টিপাত

নেশ্যনেল ডেস্ক, 10 জুলাই :হিমাচল প্ৰদেশত অব্যাহত আছে বৃষ্টিপাত ৷ ধাৰাষাৰ বৰষুণৰ ফলত হিমাচল প্ৰদেশৰ কেইবাটাও অঞ্চলত ভূমিস্খলন আৰু পাহাৰীয়া ৰাজ্যখনত বান সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । ব্যাস নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে মাণ্ডী জিলাৰ নাগোৱাইন গাঁৱত কমেও 6 জন লোক আৱদ্ধ হৈ পৰে বুলি বিষয়াসকলে জানিবলৈ দিয়ে । বৰ্তমান অব্যাহত আছে উদ্ধাৰ অভিযান ।

দেওবাৰে উত্তৰ ভাৰতৰ কেইবাটাও অঞ্চলত বৰষুণৰ ফলত কমেও 19 জন লোকৰ মৃত্যু হোৱাৰ লগতে ভূমিস্খলনে ঘৰ-দুৱাৰ আৰু ৰাস্তা-ঘাটৰ ক্ষতিসাধন কৰে ৷ বৃহৎ পৰিমাণৰ পানী জমা হোৱাৰ ফলত দল উটুৱাই লৈ যোৱাৰ দৰে ঘটনাও সংঘটিত হয় । উত্তৰ প্ৰান্তৰ ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্য হিমাচল প্ৰদেশ বুলি বিবেচিত হৈছে ।

ৰাজ্যখনত ধাৰাষাৰ বৰষুণৰ ফলত মাণ্ডিৰ 100 বছৰ পুৰণি ঐতিহাসিক লাল দলংখন ভাঙি পৰে । মাণ্ডিৰ অতিৰিক্ত জিলা দণ্ডাধীশ অশ্বনী কুমাৰে জানিবলৈ দিয়া মতে বৰষুণৰ ফলত নদীখনৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ঐতিহাসিক দলংখন উটুৱাই নিয়ে ।

ইফালে ব্যাস নদীৰ জলপৃষ্ঠ ওফন্দি উঠাৰ ফলত আউট গাঁওখনক বাঞ্জাৰ আৰু পাণ্ডোহ গাঁৱৰ সৈতে সংযোগ কৰা দলংসমূহ পানীত উটি যায় । এই ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাক্তন মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰে প্ৰাকৃতিক দুৰ্যোগৰ ফলত বিধস্ত হৈ পৰা দলংবোৰ “হিমাচলৰ পৰিচয়” বুলি কয় । ভাৰতীয় বতৰ বিজ্ঞান বিভাগে সোমবাৰে শিমলা, সোলান, কিন্নাউৰ, ছিৰমৌৰ, কংৰা, কুল্লু, মণ্ডী, বিলাসপুৰ, আৰু হামিৰপুৰ জিলাত অধিকাংশ স্থানত বজ্ৰপাতৰ সৈতে মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণ আৰু বিচ্ছিন্ন স্থানত অতি প্ৰৱল বৰষুণ হ’ব বুলি সৰ্তকবাণী প্ৰদান কৰিছে ।

দেওবাৰে হিমাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী মুকেশ অগ্নিহোত্ৰীয়ে উনা-হোছিয়াৰপুৰ পথত অৱস্থিত প্ৰৱল বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ঘলুৱাল দলং পৰিদৰ্শন কৰে । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ পৰা ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয় ৷ দুয়োখন ৰাজ্যকে সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক :himachal weather : হিমাচলত ৰেড এলাৰ্ট জাৰি; ঘৰ খহি তিনিজনৰ মৃত্যু

ABOUT THE AUTHOR

...view details