নেশ্যনেল ডেস্ক, ১৮ আগষ্ট :যোগগুৰু বাবা ৰামদেৱৰ (Baba Ramdev) প্ৰতিষ্ঠান পতঞ্জলিয়ে কৰ'ণাৰ ঔষধ 'ক’ৰ'নিল' (Coronil) প্ৰস্তুত কৰিছিল । তাৰ পাছতে ৰামদেৱে এল’পেথিক সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল । আনকি চিকিৎসা বিজ্ঞানক তেওঁ প্ৰত্যাহ্বান জনাইছিল । ৰামদেৱৰ এনে আচৰণৰ পাছতে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল চিকিৎসক তথা বিজ্ঞানীসকলে । লগতে ৰামদেৱৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল চিকিৎসক সংস্থা ।
বাবা ৰামদেৱৰ কথিত মিছা দাবীৰ ওপৰত স্থগিতাদেশ বিচাৰি এইমছৰ আৱাসিক চিকিৎসক সংস্থাই আবেদন দাখিল কৰিছিল । অৱশেষত স্থগিতাদেশ সন্দৰ্ভত বুধবাৰে শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে (Delhi High Court) । ন্যায়াধীশ চি হৰিশংকৰৰ এক বিচাৰপীঠে শুনানি গ্ৰহণ কৰিব । ১৬ আগষ্টত আদালতে ৰামদেৱক ২৪ ঘণ্টাৰ ভিতৰত তেওঁৰ উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছিল ।
ইয়াৰ পূৰ্বে আদালতে ৩০ জুলাইত বাবা ৰামদেৱক জাননী জাৰি কৰিছিল ।