নেশ্যনেল ডেস্ক, 19 আগষ্ট:ভাৰতীয় কুস্তি ফেডাৰেশ্যনৰ (WFI) প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণ শৰণ সিং আৰু নিলম্বিত সহকাৰী সম্পাদক বিনোদ তোমাৰৰ বিৰুদ্ধে উত্থাপন হোৱা মহিলা মল্লযোদ্ধাসকলৰ যৌন নিৰ্যাতনৰ অভিযোৰ শুনানি 26 আগষ্টলৈ পিছুৱাই দিয়া হৈছে ৷ গোচৰটোৰ শুনানি গ্ৰহণ কৰি থকা অতিৰিক্ত মুখ্য মেট্ৰ’পলিটান দণ্ডাধীশ হৰজিৎ সিং জছপাল শনিবাৰে বিৰতিত আছিল, যাৰ বাবে শুনানি পিছুৱাই দিবলৈ বাধ্য হয় ৷
ইয়াৰ পূৰ্বে, 9 আগষ্টৰ পৰা 11 আগষ্টলৈ একেৰাহে তিনিদিন ধৰি আৰক্ষী আৰু ব্ৰীজ ভূষণ শৰণ সিঙৰ অধিবক্তা ৰাজীৱ মোহনৰ মাজত অভিযোগ সন্দৰ্ভত তৰ্ক হৈছিল ৷ সেই সময়ত দিল্লী আৰক্ষীৰ হৈ হাজিৰ হোৱা চৰকাৰী অধিবক্তা অতুল শ্ৰীবাস্তৱে আদালতত কৈছিল যে অভিযোগপত্ৰত উপস্থাপন কৰা তথ্যৰ ভিত্তিত অভিযুক্ত আৰু সহ-অভিযুক্ত দুয়োৰে বিৰুদ্ধে প্ৰাথমিকভাৱে গোচৰ ৰুজু কৰা হৈছে ৷ অভিযুক্ত ব্যক্তিসকলক সেই অপৰাধৰ বাবে অভিযুক্ত কৰা উচিত যাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে অভিযোগপত্ৰ দাখিল কৰা হৈছে ৷
চৰকাৰী অধিবক্তাই আদালতত কয় যে সিঙৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ আছে ৷ ইয়াৰ ভিতৰত আছে আইপিচি ধাৰা 354 (মহিলাৰ শালীনতা নষ্ট কৰাৰ উদ্দেশ্যৰে আক্ৰমণ বা অপৰাধমূলক বলপ্ৰয়োগ), 354-A (যৌন নিৰ্যাতন) আৰু 354-D (অনুসৰণ কৰা) ৷ চৰকাৰী পৰামৰ্শদাতাৰ যুক্তি শুনি আদালতে বিষয়টো পৰৱৰ্তী শুনানিৰ বাবে 19 আগষ্টৰ দিন ধাৰ্য কৰিছিল ৷