নেশ্যনেল ডেস্ক, 12 এপ্ৰিল :আজি শুনানি গ্ৰহণ কৰা হ’ব উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীৰ হিংসাত্মক গোচৰ(Lakhimpur Kheri Violence) ৰ ৷ জিলা ন্যায়াধীশৰ আদালতত গ্ৰহণ কৰা হ'ব এই শুনানি(Hearing of Lakhimpur violence case) ৷ ইতিমধ্যে হৈ যোৱা শুনানিটোত অভিযুক্তৰ হকে আবেদন দাখিল কৰা হৈছিল ৷ বিষয় সন্দৰ্ভত চৰকাৰী অধিবক্তা অৰবিন্দ ত্ৰিপাঠীয়ে মঙলবাৰে আদালতত অভিযুক্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত এই শুনানি গ্ৰহণ কৰিব বুলি সদৰি কৰে ৷
লগতে চাওক:Lakhimpur kheri: তদন্ত প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে নিয়োগ কৰা হ’ব প্ৰাক্তন ন্যায়াধীশ
উল্লেখ্য যে, 2021 চনৰ 3 অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰী জিলাত আঠগৰাকীকৈ কৃষকে মন্ত্ৰীপুত্ৰৰ বাহনৰ খুন্দাত প্ৰাণ হেৰুৱাইছিল ৷ উক্ত বাহনখন কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ টেনীৰ পুত্ৰ আশীষ মিশ্ৰৰ বুলি পিছত পোহৰলৈ আহে ৷ গোচৰটোৰ তদন্তৰ ভাৰ SIT ক অৰ্পণ কৰা হৈছিল আৰু তেওঁলোকে পৰৱৰ্তী সময়ত চাৰ্জ শ্বীট দাখিল কৰে ৷