অসম

assam

ETV Bharat / bharat

Sri Krishna Janmabhoomi Idgah: ১০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত হ’ব শ্ৰীকৃষ্ণ জন্মভূমি-শ্বাহী ঈদগাহ মছজিদ গোচৰৰ শুনানী - Hindu party Dinesh Sharma

শ্ৰীকৃষ্ণ জন্মভূমি ঈদগাহ গোচৰৰ বিবাদৰ সৈতে জড়িত গোচৰৰ শুনানী ১০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব । এই গোচৰৰ শুনানী মথুৰাত হ’ব নে এলাহাবাদ উচ্চ ন্যায়ালয়ত হ’ব, সেই বিষয়ত উচ্চতম ন্যায়ালয়ে শুনানী গ্ৰহণ কৰিব ।

Sri Krishna Janmabhoomi Idgah
শ্ৰীকৃষ্ণ জন্মভূমি-শ্বাহী ঈদগাহ মছজিদ গোচৰৰ শুনানী

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 2:39 PM IST

নিউজ ডেস্ক, ৩০ অক্টোবৰ:শ্ৰীকৃষ্ণ জন্মভূমি ঈদগাহ গোচৰৰ বিবাদৰ সৈতে জড়িত গোচৰৰ শুনানী ১০ নৱেম্বৰ উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব । শ্ৰীকৃষ্ণ জন্মভূমি ঈদগাহ গোচৰৰ সন্দৰ্ভত সোমবাৰে উচ্চতম ন্যায়ালয়ত শুনানী অনুষ্ঠিত হোৱাৰ কথা আছিল ৷ পূৰ্বৰ তাৰিখত উচ্চতম ন্যায়ালয়ে শ্ৰীকৃষ্ণ জন্মভূমি সম্পৰ্কীয় সকলো দলিল উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰিবলৈ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কক নিৰ্দেশ জাৰি কৰিছিল ।

শ্ৰীকৃষ্ণ জন্মভূমি-শ্বাহী ঈদগাহ মছজিদ গোচৰৰ শুনানি

হিন্দু পক্ষই এলাহাবাদ উচ্চ ন্যায়ালয়ত শুনানীৰ বাবে আবেদন দাখিল কৰিছিল । হিন্দু পক্ষই উচ্চ ন্যায়ালয়ক দাবী জনাইছিল যে মথুৰাত চলি থকা শ্ৰী কৃষ্ণ জন্মভূমি ঈদগাহ গোচৰৰ সৈতে জড়িত সকলো গোচৰৰ শুনানী এলাহাবাদ উচ্চ ন্যায়ালয়ত হওঁক । হিন্দু পক্ষই এলাহাবাদ উচ্চ ন্যায়ালয়ত কৈছিল যে ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিষয়সমূহ উচ্চ ন্যায়ালয়ে পোনপটীয়াকৈ শুনানী ল’ব পাৰে । দুয়োপক্ষৰ যুক্তি শুনানীৰ পাছত এলাহাবাদ উচ্চ ন্যায়ালয়ে মথুৰাত চলি থকা শ্ৰীকৃষ্ণ জন্মভূমি সম্পৰ্কীয় সকলো গোচৰ উচ্চ ন্যায়ালয়ে শুনানী গ্ৰহণ কৰিব বুলি এক নিৰ্দেশ জাৰি কৰিছিল ।

শ্ৰীকৃষ্ণ জন্মভূমি-শ্বাহী ঈদগাহ মছজিদ গোচৰৰ শুনানি

ইফালে মুছলমান পক্ষই উচ্চতম ন্যায়ালয়ত দাবী জনাইছিল যে তেওঁলোকৰ ভাড়াৰ কোনো ব্যৱস্থা নাই আৰু এই সমগ্ৰ বিষয়টোৰ শুনানী কেৱল মথুৰা জিলা আদালতত হ’ব লাগে । উচ্চতম ন্যায়ালয়ে আটাইকেইটা গোচৰৰ ফাইলসহ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কক দিল্লীলৈ চমন কৰে । ইয়াৰ পাচতেই এই গোচৰৰ শুনানী মথুৰাত হ’ব নে এলাহাবাদ উচ্চ ন্যায়ালয়ত হ’ব, সেই বিষয়ত গোচৰটো উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে ।

শ্ৰীকৃষ্ণ জন্মভূমি-শ্বাহী ঈদগাহ মছজিদ গোচৰৰ শুনানি

শ্ৰীকৃষ্ণ জন্মভূমি গোচৰৰ আবেদনকাৰী দীনেশ শৰ্মাই শ্ৰীকৃষ্ণ জন্মভূমি কমপ্লেক্সৰ পৰা অবৈধ শ্বাহী ঈদগাহ মছজিদ আঁতৰাই নিদিয়ালৈকে চেন্দেল পৰিধান কৰাৰ পৰা বিৰত থকাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ কয়, "যেতিয়ালৈকে ঔৰংজেৱৰ প্ৰতীক ঈদগাহ মছজিদ মথুৰাৰ পৰা আঁতৰোৱা নহ’ব । তেতিয়ালৈকে তেওঁ খালী ভৰিৰে থাকিব । তেওঁ কয় যে হিন্দু পক্ষইও আদালতৰ পৰা এ এছ আই জৰীপৰ দাবী জনাইছে । তেওঁ আদালতক অতি সোনকালে ঈদগাহ মছজিদৰ জৰীপ কৰাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে মথুৰা মছজিদৰ তলত প্ৰাচীন প্ৰমাণ পুতি থোৱা আছে ৷ উল্লেখ্য যে, শ্ৰী কৃষ্ণ জন্মভূমিৰে জড়িত ১২টা গোচৰ উত্তৰ প্ৰদেশৰ জিলা আদালতত বিচাৰাধীন হৈ আছে ।

লগতে পঢ়ক:শ্ৰীকৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহ মছজিদ গোচৰৰ শুনানি

ABOUT THE AUTHOR

...view details