নেশ্যনেল ডেস্ক,১৬ ছেপ্টেম্বৰ :মল্লযুঁজাৰুক যৌন নিৰ্যাতন গোচৰৰ অভিযুক্ত ভাৰতীয় মল্লযুঁজ ফেডাৰেচন প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণ শৰণ সিং লগতে নিলম্বিত সহকাৰী সচিব বিনোদ তোমাৰৰ বিৰুদ্ধে আদালতত শুনানি আৰম্ভ হৈছে । শনিবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতত উক্ত গোচৰটোৰ শুনানি গ্ৰহণ কৰা হয় । শুনানিৰ সময়ত ব্ৰীজ ভূষণ শৰণ সিং নিজে আদালতত উপস্থিত হয় । তেওঁৰ সৈতে দিল্লী মল্লযুঁজ সংস্থাৰ সভাপতি জয় প্ৰকাশো উপস্থিত থাকে ।
উল্লেখ্য যে তাৰকা মল্লযুঁজাৰু বিনেশ ফোগাট, বজৰং পুনিয়া আৰু সাক্ষী মালিকৰ লগতে আন কেইবাগৰাকী মল্লযুঁজাৰুৱে ব্ৰীজ ভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল । তেওঁলোকে দিল্লীৰ যন্তৰ মন্তৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰিছিল । মল্লযুঁজাৰুসকলৰ তীব্ৰ প্ৰতিবাদৰ অন্তত দিল্লী আৰক্ষীয়ে ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছিল ।