নেশ্যনেল ডেস্ক,৪ জুলাই :পাটনা উচ্চ ন্যায়ালয়ে পুনৰ মঙলবাৰে ৰাহুল গান্ধীৰ মোদী উপাধি গোচৰৰ শুনানি গ্ৰহণ কৰিব । ইয়াৰ পূৰ্বে ১৫ মে'ত বিষয়টোৰ ওপৰত শুনানি গ্ৰহণ কৰিছিল । ৰাহুল গান্ধীৰ বিৰুদ্ধে আবেদনৰ শুনানি আদালতে ৪ জুলাইলৈ স্থগিত ৰাখিছিল ।
ইয়াৰ পূৰ্বে একেটা গোচৰতে শুনানি গ্ৰহণ কৰি পাটনাৰ এমপি-এমএলএ আদালতে ৰাহুল গান্ধীক যিকোনো পৰিস্থিতিত শাৰীৰিকভাৱে আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিছিল । কিন্তু ৰাহুল গান্ধীয়ে এমপি-এমএলএ আদালতৰ আদেশৰ বিৰুদ্ধে পাটনা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । গোচৰটোৰ শুনানিৰ সময়ত পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সন্দীপ কুমাৰৰ বিচাৰপীঠে ৰাহুল গান্ধীক এই ক্ষেত্ৰত সকাহ প্ৰদান কৰিছিল । আদালতে তেওঁক গোচৰটোত শাৰীৰিকভাৱে হাজিৰ হোৱাৰ আদেশৰ পৰা ৰেহাই দিছিল । মঙলবাৰে ৰাহুল গান্ধীৰ অধিবক্তা অংশুলে এই গোচৰটোত ৰাহুল গান্ধীৰ হৈ তেওঁৰ পক্ষ উত্থাপন কৰিব ।
বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা সুশীল মোদীয়ে ২০১৯ চনত ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল । তেওঁৰ আবেদনখনত কোৱা হৈছিল যে ৰাহুল গান্ধীয়ে মোদীক চোৰ বুলি অভিহিত কৰি সমগ্ৰ মোদী সম্প্ৰদায়ক অপমান কৰিছে ।