নিউজ ডেস্ক, ১২ এপ্ৰিল : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মোডী উপাধি সন্দৰ্ভত কৰা মন্তব্যৰ বাবে বুধবাৰে পাটনাৰ এখন সাংসদ/বিধায়ক আদালতত হাজিৰ হ'ব (Rahul Gandhi to Appear Before Patna Court) । উল্লেখ্য, তেওঁৰ বিৰুদ্ধে এই গোচৰটো ২০১৯ চনত বিজেপি নেতা তথা সাংসদ সুশীল কুমাৰ মোডীয়ে দাখিল কৰিছিল । সাংসদ/বিধায়ক আদালতে তেওঁক চিআৰপিচিৰ ধাৰা ৩১৭-ৰ অধীনত আদালতত হাজিৰ হ'বলৈ আৰু তেওঁৰ বিবৃতি লিপিবদ্ধ কৰিবলৈ আহ্বান জনাইছে (Rahul Gandhis Modi surname case) ।
উল্লেখ্য যে ২০১৯ চনত সুশীল কুমাৰ মোডীয়ে দাখিল কৰা গোচৰটোত অভিযোগ কৰিছিল যে ৰাহুল গান্ধীয়ে মোডী সম্প্ৰদায়ক চোৰ বুলি অভিহিত কৰি অপমান কৰিছে (Rahul Gandhi defamation case on modi surname) । তাৰ পিচত গোচৰটোত কংগ্ৰেছ নেতাজনে আদালতৰ সন্মুখত আত্মসমৰ্পণ কৰে । ইয়াৰ পিচত তেওঁ জামিন লাভ কৰে । এই ক্ষেত্ৰত সুশীল কুমাৰ মোডীকে ধৰি পাঁচজন লোকৰ সাক্ষ্য সম্পূৰ্ণ হৈছে । গোচৰটোৰ আবেদনকাৰী, সাংসদ সুশীল মোডীয়ে কয় যে ৰাহুল গান্ধীয়ে দেশৰ লাখ লাখ মোডী উপাধিধাৰীক গালি পাৰিছে । আনহাতে, ৰাহুলে মোডী উপাধিৰ পিছপৰা সমাজৰ লোকসকলক অপমান কৰাৰো অভিযোগ ।