অসম

assam

ETV Bharat / bharat

Health insurance Policy: স্বাস্থ্য বীমাত পৰিপূৰক আঁচনিৰে পাব অতিৰিক্ত সুৰক্ষা - IRDAI

বেছিভাগ লোকে স্বাস্থ্য বীমা আঁচনি এখন লোৱাৰ সময়ত কম প্ৰিমিয়ামৰ কথা ভাবে। কিন্তু আপুনি এবাৰ চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত স্বাস্থ্য বীমা আঁচনিৰ লাভালাভবোৰ উপলব্ধি কৰিব । সেয়েহে নাই মোমাতকৈ কণা মোমাই সাৰৰ লেখীয়াকৈ এতিয়াই এখন স্বাস্থ্য বীমা আঁচনি এখন লওক । কিন্তু ইয়াৰ উপৰি পৰিপূৰক আঁচনি গ্ৰহণ কৰিলে আপোনাক অতিৰিক্ত লাভালাভ প্ৰদান কৰিব ।

Health insurance Policy
Health insurance Policy

By

Published : Jun 14, 2023, 11:15 AM IST

নিউজ ডেস্ক, ১৪ জুন :অপ্ৰত্যাশিতভাৱে চিকিৎসালয়ত ভৰ্তি হোৱাৰ ক্ষেত্ৰত আপোনাক আৰ্থিকভাৱে সহায় কৰিবলৈ বীমা থকাটো এক ডাঙৰ সকাহ হ'ব পাৰে । বেছিভাগ লোকে স্বাস্থ্য বীমা আঁচনি লোৱাৰ সময়ত কম প্ৰিমিয়ামৰ কথা ভাবে । কিন্তু বৰ্তমানৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি পৰ্যাপ্ত পৰিমাণৰ বীমা আঁচনি এখন ল'ব লাগে । অৱশ্যে এখন সামগ্ৰিক স্বাস্থ্য বীমা আঁচনি থাকিলেও কিছুমান ক্ষেত্ৰত ইয়াৰ লাভালাভ সীমিত হ'ব পাৰে । তেনে ক্ষেত্ৰতেই পৰিপূৰক আঁচনিবোৰ কামত আহে ।

স্বাস্থ্য বীমা আঁচনি এখন বাছনি কৰোঁতে বীমাৰাশি হৈছে এক গুৰুত্বপূৰ্ণ কাৰক । ইয়াৰ বাবে প্ৰয়োজনীয় এড-অন আৰু ৰাইডাৰো ল'ব লাগে । বহু বীমাকৰ্তাই বৰ্তমান এক সামগ্ৰিক স্বাস্থ্য বীমা আঁচনিত অতিৰিক্ত ক'ভাৰেজ আগবঢ়ায় । অতিৰিক্ত আঁচনি (এড-অন) হৈছে কিছুমান বিশেষ আঁচনি, যিবোৰ বৈকল্পিকৰ লগতে মৌলিক স্বাস্থ্য বীমা আঁচনি । বীমাকৃতৰ কিছুমান প্ৰয়োজনীয়তা থাকিলেহে এই আঁচনিবোৰ উপযোগী হয় । এইবোৰৰ বাবে কিছু অতিৰিক্ত প্ৰিমিয়াম পৰিশোধ কৰিব লাগিব । ব্যক্তিগত আৰু পাৰিবাৰিক আঁচনি থকা যিকোনো লোকে এই এড-অন ক'ভাৰেজবোৰ লাভ কৰিব পাৰে ।

ভাৰতীয় বীমা নিয়ামক বিকাশ প্ৰাধিকৰণৰ (IRDAI) নিয়ম অনুসৰি, পৰিপূৰক বা ৰাইডাৰৰ বাবে লোৱা প্ৰিমিয়াম ষ্টেণ্ডাৰ্ড আঁচনিৰ ৩০ শতাংশতকৈ অধিক হ'ব নালাগে । ইয়াত কিছুমান মুখ্য পৰিপূৰক আঁচনিৰ কথা উল্লেখ কৰা হৈছ :

গুৰুত্বপূৰ্ণ ৰোগ ক'ভাৰ :সাধাৰণতে স্বাস্থ্য বীমা আঁচনিয়ে সকলো প্ৰকাৰৰ চিকিৎসা ক'ভাৰ কৰে । এই ক্ষেত্ৰত গুৰুতৰ ৰোগক কিয় বিশেষভাৱে সামৰি লয় সেই প্ৰশ্নটো উত্থাপিত হয় । ষ্টেণ্ডাৰ্ড আঁচনিবোৰে কেৱল চিকিৎসা ব্যয় সামৰি লয় । গুৰুতৰ ৰোগৰ ক্ষেত্ৰত একেলগে বৃহৎ পৰিমাণৰ ধন প্ৰদান নকৰিব । যদি পলিচীহল্ডাৰে গুৰুত্বপূৰ্ণ ৰোগ ক'ভাৰ গ্ৰহণ কৰোঁতে কোনো গুৰুতৰ ৰোগত আক্ৰান্ত হয়, আঁচনিখনে তৎক্ষণাৎ আঁচনিৰ মূল্যৰ পৰিমাণলৈকে ক্ষতিপূৰণ প্ৰদান কৰিব । এইটো কেৱল আঁচনিখনত নিৰ্ধাৰিত ৰোগৰ ক্ষেত্ৰতহে প্ৰযোজ্য ।

ব্যক্তিগত দুৰ্ঘটনা বীমা :স্বাস্থ্য বীমাই কোনো অপেক্ষাৰ সীমা অবিহনেই দুৰ্ঘটনা ক'ভাৰ কৰে । কেৱল চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়ত হোৱা ব্যয় স্বাস্থ্য বীমাৰ দ্বাৰা ক'ভাৰ হয় । পলিচিহল্ডাৰে আংশিক বা স্থায়ী অক্ষমতাৰ বাবে বিত্তীয় সুৰক্ষা নাপায় । এনে ক্ষেত্ৰত ব্যক্তিগত দুৰ্ঘটনা বীমা ৰাইডাৰে সহায় কৰে । দুৰ্ভাগ্যজনক মৃত্যুৰ ক্ষেত্ৰত মনোনীত ব্যক্তিয়ে আঁচনিৰ মূল্য লাভ কৰিব ।

দৈনিক ব্যয়ৰ বাবে : পলিচীহল্ডাৰে চিকিৎসালয়ত ভৰ্তি হোৱাৰ দিনৰ পৰা ব্যয়ৰ বাবে নগদ ধন পৰিশোধ কৰিবলৈ চিকিৎসালয়ৰ নগদ ক'ভাৰ আঁচনি এখন ল'ব পাৰে । এই সুবিধা লাভ কৰিবলৈ বীমাকৃতই কমেও ২৪ ঘণ্টা চিকিৎসালয়ত থাকিব লাগিব । চিকিৎসালয়ত ভৰ্তি হোৱাৰ তাৰিখৰ পৰা একেৰাহে ১৪ দিনৰ বাবে আৰু আঁচনি বৰ্ষত সৰ্বাধিক ৩০ দিনলৈকে প্ৰতিদিনে ১০০০ টকা হাৰত এই ক্ষতিপূৰণ উপলব্ধ ।

প্ৰসূতিৰ সময়ত : কিছুমান স্বাস্থ্য বীমা কোম্পানীয়ে পাৰিবাৰিক ফ্লোটাৰ আঁচনিৰ অধীনত মাতৃত্বকালীন ব্যয় ক'ভাৰ কৰে । জন্ম আৰু নৱজাতক কেঁচুৱাটোৰ চিকিৎসা ব্যয় সম্পৰ্কীয় সকলো খৰচ ইয়াত সামৰি লোৱা হয় । ইয়াৰ বাবে প্ৰসূতি ক'ভাৰ ল'ব লাগিব । কিছুমান আঁচনিয়ে অপেক্ষাৰ সীমা আৰোপ কৰে ।

টপ-আপ : যেতিয়া প্ৰচলিত স্বাস্থ্য বীমা আঁচনিৰ সীমা সৰ্বাধিক সীমাত উপনীত হয়, অতিৰিক্ত পৰিমাণ পৰিশোধ কৰিবলৈ টপ-আপ আঁচনি এখন ল'ব পাৰি । বীমাৰাশি বৃদ্ধি কৰাৰ বাবে টপ-আপ আঁচনি এখন উপযোগী আৰু টপ-আপৰ বাবে প্ৰিমিয়াম অলপ কম ।

অ'পিডি চিকিৎসাৰ বাবে : বহিৰ্বিভাগৰ পৰামৰ্শ চিকিৎসা বীমা আঁচনিৰ দ্বাৰা ক'ভাৰ নহয় । কেৱল কিছুমান চিকিৎসাৰ বাবে ডে'কেয়াৰ লাভান্বিত হয় । চিকিৎসাৰ মুদ্ৰাস্ফীতি বৃদ্ধি পাইছে । এই সন্দৰ্ভত চিকিৎসকৰ পৰামৰ্শ মাচুল আৰু চিকিৎসা পৰীক্ষা আৰু ঔষধৰ ব্যয়ৰ বাবে এক অ'পিডি কেয়াৰ পৰিপূৰক আঁচনি গ্ৰহণ কৰিব পাৰি ।

পৰিপূৰক আঁচনি বাছনি কৰোঁতে আপোনাৰ প্ৰয়োজনীয়তাবোৰ কি সেয়া নিৰ্ধাৰণ কৰিব । সকলো আঁচনি যোগ কৰিবলৈ চেষ্টা কৰাটো ভাল নহয় । ইয়াৰ দ্বাৰা আৰ্থিকভাৱে ভাৰাক্ৰান্ত হ'ব পাৰে । সেয়েহে সম্পূৰ্ণ জ্ঞানেৰে সঠিক সিদ্ধান্ত লওক । এই পৰামৰ্শ ষ্টাৰ হেল্থ এণ্ড এলাইড ইঞ্চুৰেন্সৰ উপ-সভাপতি কোথা কাৰ্তিকৰ ।

লগতে পঢ়ক :Home loan : সলনি হৈ থাকে গৃহ ঋণৰ সূতৰ হাৰ..সেয়ে কোনটো সময়ত ঋণ লোৱাটো প্ৰয়োজন ?

ABOUT THE AUTHOR

...view details