নেচনেল ডেস্ক, 12 মাৰ্চ: নন্দীগ্ৰামত সংঘটিত আক্ৰমণত আঘাতপ্ৰাপ্ত হোৱা মমতা বেনাৰ্জীৰ স্বাস্থ্য পূৰ্বতকৈ ভাল হোৱাৰ লগতে স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে ৷ বেনাৰ্জীক চিকিৎসা প্ৰদান কৰি থকা এগৰাকী চিকিৎসকলে এই কথা দানিবলৈ দিছে ৷ চিকিৎসকে জানিবলৈ দিয়া মতে তৃণমূল কংগ্ৰেছৰ 66 বৰ্ষীয় নেতা গৰাকীৰ বিভিন্ন স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে আৰু চিকিৎসাৰ প্ৰতি বেনাৰ্জীৰ শৰীৰে সঠিকভাৱে সহাৰি দিছে ৷
বেনাৰ্জী চিকিৎসাধীন হৈ থকা এচএচকেএম চিকিৎসালয়ৰ এগৰাকী জ্যেষ্ঠ চিকিৎসকে জানিবলৈ দিয়ে যে, বেনাৰ্জীৰ বাঁওভৰিখনৰ এক্স-ৰে কৰা হৈছিল আৰু এক্স ৰেত তেঁও আঁঠুত গাঁঠিৰ অসুখত ভোগৰ কথা ধৰা পৰিছে ৷ চিকিৎসকৰ মতে মুখ্যমন্ত্ৰী গৰাকীৰ বাঁও গুৰুহা, ভড়িৰ হাড়ৰ উপৰিও বাঁও কান্ধ আৰু ডিঙিত আঘাত আছে ৷