অসম

assam

ETV Bharat / bharat

Jaggery: খাদ্য খোৱাৰ পিছত খাওক গুড়, আপোনাৰ শৰীৰে লাভ কৰে এইসমূহ উপকাৰিতা - হাড় মজবুত কৰক

যুৱ প্ৰজন্মৰ মাজত গুড় ইমান জনপ্ৰিয় নহ’বও পাৰে, কিন্তু আজিও আহাৰ খোৱাৰ পিছত গুড় খোৱা বা গুড়ৰ সৈতে পানী খোৱাটো আমাৰ দেশত তেনেই সাধাৰণ কথা । আহাৰ খোৱাৰ পিছত গুড় খালে আমাৰ শৰীৰে কি কি উপকাৰি লাভ কৰে সেই বিষয়ে জানো আহক ।

Health Benefits of Eating Jaggery or Gur After Every Meal
খাদ্য খোৱাৰ পিছত খাওক গুড়, আপোনাৰ শৰীৰে লাভ কৰে এইসসমূহ উপকাৰিতা

By

Published : May 23, 2023, 3:22 PM IST

গুড় আমাৰ দেশত এক প্ৰাকৃতিক মিঠাই হিচাপে পৰিচিত । যুৱক-যুৱতীসকলৰ মাজত হয়তো আজিকালি গুড় বৰ বেছি জনপ্ৰিয় নহয়, কিন্তু বয়োজ্যেষ্ঠসকলে আজিৰ সময়তো গুড়েৰে দিনটো আৰম্ভ কৰে । গুড়ৰ পানী খাবলৈ তেওঁলোকে কেতিয়াও পাহৰি নাযায় । আচলতে কুঁহিয়াৰৰ ৰসৰ পৰা প্ৰস্তুত কৰা এইবিধ মিঠা পদাৰ্থ পুষ্টিকৰ উপাদানৰে ভৰপূৰ । আইৰণৰ পৰা কেলচিয়ামলৈকে উপাদানেৰে গুড় পৰিপূৰ্ণ ।

বহুলোকে খাদ্য খোৱাৰ পিছত গুড় নিশ্চয় গ্ৰহণ কৰে । গুড় সেৱন কৰিলে শৰীৰৰ বাবে অতি উপকাৰী । ই শৰীৰক বহুতো পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ কৰি ৰাখে । এই কাৰণেই মানুহক খাদ্য খোৱাৰ পিছত গুড় সেৱন কৰিবলৈও পৰামৰ্শ দিয়া হয় । অৱশ্যে ইয়াৰ অত্যধিক সেৱনো পৰিহাৰ কৰিব লাগে । সেয়ে খাদ্য খোৱাৰ পিছত গুড় খালে আপোনাৰ শৰীৰে কি কি উপকাৰ লাভ কৰিব পাৰে সেই বিষয়ে জানো আহক ।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰক:শৰীৰক শক্তিৰে ভৰপূৰ কৰি ৰাখিব বিচাৰিলে বা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাটো বিচাৰে, তেন্তে খাদ্য খোৱাৰ পিছত গুড় খাবলৈ আৰম্ভ কৰিব লাগে ।

ওজন কম কৰাত সহায় কৰে: যদি আপুনি ওজন কমাব বিচাৰে, তেন্তে আপুনি দৈনিক গুড় সেৱন কৰিব পাৰে । খাদ্য খোৱাৰ পিছত গুড় খোৱাৰ আটাইতকৈ ডাঙৰ সুবিধাটো হ’ল ই হজম শক্তি উন্নত কৰে, যিটো ওজন কমাবলৈ উপকাৰী বুলি প্ৰমাণিত হয় ।

পাচনতন্ত্ৰ মজবুত কৰে:কোনোবাই যদি পাচনতন্ত্ৰ মজবুত কৰিব বিচাৰে, তেন্তে তেওঁ দৈনিক গুড় সেৱন কৰিব লাগে । এই কাম কৰিলে গেছ, বদহজম আৰু বমিৰ দৰে অভিযোগৰ পৰা মুক্তি পোৱা যায় ।

ৰক্তচাপ নিয়ন্ত্ৰণ:যদি আপুনি ৰক্তচাপৰ ৰোগত আক্ৰান্ত, তেন্তে গুড় খাবলৈ আৰম্ভ কৰিব লাগে । গুড় খালে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে ।

হাড় মজবুত কৰক:গুড় খালে শৰীৰৰ হাড় মজবুত হয় । কেলচিয়াম, ফছফৰাছ আদি পুষ্টিকৰ উপাদানৰ উপস্থিতিৰ বাবে গুড় হাড়ৰ বাবে উপকাৰী ।

লগতে পঢ়ক:Chest Pain: বুকুৰ বিষ অনুভৱ কৰে নেকি ? তেতিয়াহ’লে সাৱধান !

ABOUT THE AUTHOR

...view details