নিউজ ডেস্ক, ৬ জুলাই : মঙলবাৰে মাজনিশাৰ পৰা বৃদ্ধি পাইছে ঘৰুৱা ব্যৱহাৰৰ ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ মূল্য (Domestic LPG cylinder price hike in India) । প্ৰতিটো চিলিণ্ডাৰত ৫০ টকাকৈ বৃদ্ধি পাইছে বুধবাৰৰ পৰা । চিলিণ্ডাৰৰ মূল্যবৃদ্ধিৰ পিছতে চৰকাৰক তীব্ৰ সমালোচনা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ (Rahul Gandhi attacked BJP Government over LPG price hike) । ৰাহুল গান্ধীয়ে বুধবাৰে এলপিজিৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰাৰ পিছত বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰে ।
বিজেপিয়ে কেৱল শিৰোনামত থাকিবলৈ বিচৰা বুলি কৈ অৰ্থনীতিৰ অপব্যৱস্থা সৃষ্টিৰ অভিযোগ উত্থাপন কৰে । উল্লেখ্য, মে' মাহত আন্তৰ্জাতিক শক্তি মূল্য সুস্থিৰ কৰাৰ পিছত তৃতীয়বাৰৰ বাবে ভাৰতত ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰক এই আক্ৰমণৰ লক্ষ্য কৰি লয় ।
উল্লেখ্য, ৰাজ্যিক মালিকানাধীন ইন্ধন খুচুৰা মূল্য অধিসূচনা অনুসৰি দেশৰ ৰাজধানীত প্ৰতিটো ৰাজসাহায্যবিহীন 14.2 কিলোগ্ৰামৰ এলপিজি চিলিণ্ডাৰৰ মূল্য বৰ্তমান 1,053 টকা (Non-subsidised LPG cylinder costs 1,053 in national capital) । পূৰ্বতে ইয়াৰ মূল্য আছিল 1,003 টকা । "শিৰোনাম সুপৰিচালিত । অৰ্থনীতি অপৰিচালিত (Headlines Managed. Economy Mismanaged) ।" ৰাহুল গান্ধীয়ে এখন ফটোৰ সৈতে এনেদৰে টুইট কৰে । ক্ষমতালৈ অহাৰ পিছৰে পৰা মুদ্ৰাস্ফীতি আৰু ভাৰতীয় মুদ্ৰাৰ অৱমূল্যায়নৰ ওপৰত বিজেপিক সমালোচনা কৰে ৰাহুল গান্ধীয়ে ।