নিউজ ডেস্ক,13 জুন : বিশ্বৰ সৰ্ববৃহৎ পৰিয়ালটোৰ মুৰব্বী জিঅ’না চানা (Ziona Chana)ই দেওবাৰে ইহলীলা সম্বৰণ কৰে ৷ 76 বছৰ বয়সত মিজোৰামৰ নিৱাসী এইগৰাকী ব্যক্তিয়ে শেষ নিশ্বাস ত্য়াগ কৰা বুলি মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা (Zoramthanga)ই টুইটাৰযোগে সদৰি কৰে ৷
মধুমেহ ৰোগ আৰু উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ আইজলৰ ত্ৰিনিটি হাস্পতাল (Trinity hospital)ত বিয়লি 3 বজাত মুৰব্বী চানাৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ বিগত কেইবাদিন ধৰি হাস্পতালখনত চিকিৎসাধীন হৈ আছিল চানা ৷ টুইটাৰযোগে জোৰামথাংগাই কয় যে, জিঅ’না চানা গাঁও বাকটং লাংগনুৱাম (Baktawng Tlangnuam) চানাৰ বৃহত্তৰ পৰিয়ালৰ বাবে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷
1945 চনৰ 21 জুলাইত জন্মগ্ৰহণ কৰা জিঅ’না চানাই 17 বছৰ বয়সতে তেওঁতকৈ তিনিবছৰ ডাঙৰ ছোৱালীৰ সৈতে প্ৰথম বিবাহপাশত আবদ্ধ হৈছিল ৷ গাঁওখনত চানা সমূদায়ৰ মুখিয়াল আছিল জিঅ’না চানা ৷ মুৰব্বীগৰাকীৰ পৰিয়ালত প্ৰায় 400 গৰাকী সদস্য আছে ৷ তেওঁ পুৰুষসকলক বহুবাৰ বিবাহৰ অনুমতি প্ৰদান কৰিছিল ৷