অসম

assam

ETV Bharat / bharat

JDS joins NDA: NDAৰ অংশীদাৰ হ’ল জনতা দল চেকুলাৰ - Amit Shah

NDAৰ অংশীদাৰ হ’ল জনতা দল (চেকুলাৰ) ৷ শুকুৰবাৰে নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ উপস্থিতিত দলটো আনুষ্ঠানিকভাৱে NDAৰ অংশীদাৰ হয় ৷

Etv Bharat
Etv Bharat

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 6:52 PM IST

নেশ্যনেল ডেস্ক, 22 ছেপ্টেম্বৰ: ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটত চমুকৈ NDAত চামিল হ’ল জেডিএছ (JDS) ৷ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জেডিএছ (JDS) নেতা এইচ ডি কুমাৰস্বামীয়ে (HD Kumaraswamy) নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি জনতা দল (চেকুলাৰ)য়ে শুকুৰবাৰে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটত (এন ডি এ) যোগদান কৰে ৷ যোগদানৰ সময়ত ৰাষ্ট্ৰীয় বিজেপিৰ সভাপতি জে পি নাড্ডা আৰু গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তো উপস্থিত আছিল ৷

প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু জেডি (এছ)ৰ মুৰব্বী এইচ ডি দেৱগৌড়া ( HD Deve Gowda) আৰু তেওঁৰ পুত্ৰ কুমাৰস্বামীয়ে (Kumaraswamy) বৃহস্পতিবাৰে সংসদত বিজেপি সভাপতি জে পি নাড্ডা আৰু অমিত শ্বাহক সাক্ষাৎ কৰে বুলি জানিব পৰা গৈছে ৷ কৰ্ণাটকৰ ৰাজনীতিত যোৱা কেইমাহমান ধৰি আলোচনা চলি আছিল যে জেডি(এছ)য়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সৈতে মিত্ৰতা কৰিব পাৰে ৷

2019ৰ লোকসভা নিৰ্বাচনত জেডি(এছ)য়ে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিছিল ৷ অৱশ্যে দলটোৱে পৰাজয়ৰ সন্মুখীন হয় ৷ কৰ্ণাটকৰ 28 খন আসনৰ ভিতৰত বিজেপিয়ে 25 খন আসনত জয়লাভ কৰে ৷ আনকি বিজেপি সমৰ্থিত এজন নিৰ্দলীয় প্ৰাৰ্থীয়েও মাণ্ডিয়া সমষ্টিৰ (Mandya constituency) পৰা জয়লাভ কৰিছিল । জেডি(এছ)য়ে ৰাজ্যখনৰ বিজেপি আৰু কংগ্ৰেছ দুয়োৰে সৈতে মিত্ৰতা কৰিছে ৷

শেহতীয়াকৈ মে’ত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত জেডি(এছ)য়ে 19 খন আসন লাভ কৰিছিল ৷ এয়া দলটোৰ ইতিহাসত আটাইতকৈ বেয়া প্ৰদৰ্শন আছিল । লক্ষণীয়ভাৱে, দলটোক দিল্লীত NDAৰ বৈঠকলৈ বা জুলাইত বাংগালুৰুত বিৰোধীৰ I.N.D.I.A. ব্লকৰ বৈঠকলৈ আমন্ত্ৰণ জনোৱা হোৱা নাছিল ৷

লগতে পঢ়ক:Assam CM slams Rahul Gandhi : ৰাজস্থানত পুনৰ ৰাহুলক আক্ৰমণ অসমৰ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details