নিউজ ডেস্ক, 8 নৱেম্বৰ :2018ৰ এটা আত্মহত্যাৰ গোচৰত অভিযুক্ত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক তথা সাংবাদিক অৰ্ণৱ গোস্বামীৰ লগতে আন দুগৰাকী অভিযুক্তৰ অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানি অহা 9 নৱেম্বৰত গ্ৰহণ কৰিব বোম্বে উচ্চ ন্যায়ালয়ে ৷
শনিবাৰে এছএছ সিন্ধে আৰু এমএছ কাৰ্ণিকৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ প্ৰদান কৰে ৷ সেই অনুসৰি, 9 নৱেম্বৰত বিয়লি 3 বজাত অৰ্ণৱ আৰু আন দুগৰাকীৰ জামিন আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰিব মহাৰাষ্ট্ৰৰ শীৰ্ষ আদালতে ৷
বুধবাৰে পুৱা গোস্বামীৰ লৱাৰ পেৰেলৰ নিজ বাসগৃহ পৰা আৰক্ষীয়ে তেখেতক আটক কৰে । ৫৩ বৰ্ষীয় ইন্টেৰিয়ৰ ডিজাইনাৰ অনভয় নাইকৰ আত্মহত্যাৰে নাম সাঙুৰ খাইছে গোস্বামীৰ । আটক কৰাৰ পিছতে তেখেতক মুখ্য ন্যায়িক দণ্ডাধিশ সুনেইনা পিংগলৰ আগত হাজিৰ কৰোৱা হয় । বুধবাৰে দণ্ডাধীশে তিনিওগৰাকী অভিযুক্তকে আৰক্ষীৰ জিম্মাত প্ৰেৰণৰ বাবে অমান্তি হয় আৰু 18 নৱেম্বৰলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । সম্প্ৰতি তেখেতক আলিয়াগ কাৰাগাৰৰ ক'ভিড-19 চেন্টাৰৰ বাবে সাজি উলিওৱা এখন বিদ্যালয়ত ৰখা হৈছে ।
2018 চনৰ মে' মাহত আলিবাগৰ ইন্টেৰিঅ'ৰ ডিজাইনাৰ অনভয় নায়ক আৰু তেওঁৰ মাতৃয়ে আত্মহননৰ পথ বাচি লৈছিল । আত্মহত্যাৰ টোকাত অৰ্ণৱ গোস্বামী, ফিৰোজ শ্বেইখ আৰু নীতিশ চৰ্দাৰে 5.40 কোটি টকা দিবলৈ আছে বুলি উল্লেখ কৰি থৈ যায় । সেই সময়তে অৰ্ণৱ গোস্বামী, ফিৰোজ শ্বেইখ আৰু নীতিশ চৰ্দাৰ বিৰুদ্ধে নায়কক আত্মহত্যাৰ বাবে উচতনি যোগোৱা অভিযোগ তুলি গোচৰ ৰুজু কৰা হৈছিল যদিও উপযুক্ত প্ৰমাণৰ অভাৱত গোচৰটো নিষ্পতি কৰা হয় । আত্মহত্যাৰ গোচৰৰ তদন্ত দুবছৰ পূৰ্বে মহাৰাষ্ট্ৰ গৃহমন্ত্ৰী অনিল দেশমুখে চি আই ডিক অৰ্পণ কৰিছিল । আলিবাগ থানাত পুনৰ নায়কৰ কন্যাই গোচৰ ৰুজু কৰাৰ পিছতে আৰক্ষীয়ে 'ৰিপাব্লিক টিভি'ৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক বুধবাৰে গ্ৰেপ্তাৰ কৰে ।
লগতে পঢ়ক :৯ নৱেম্বৰত অৰ্ণৱ গোস্বামীৰ ন্যায়িক জিম্মা সন্দৰ্ভত গ্ৰহণ কৰা হ'ব শুনানি