নিউজ ডেস্ক, ৩ জুলাই :দিল্লী উচ্চ ন্যায়ালয়ে সোমবাৰে ২০০০ টকীয়া বেংকনোট প্ৰচলন বন্ধ কৰাৰ আৰবিআইৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন (পিআইএল) খাৰিজ কৰে । মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা আৰু ন্যায়াধীশ সুব্ৰমণিয়াম প্ৰসাদৰ বিচাৰপীঠে এই আবেদন নাকচ কৰে । উল্লেখ্য, যোৱা ৩০ মে'ত পিআইএলখনৰ ওপৰত ইয়াৰ আদেশ সংৰক্ষিত ৰাখিছিল ।
আবেদনকাৰী ৰাজনীশ ভাস্কৰ গুপ্তাই আবেদনখনত দাবী কৰিছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰাৰ কোনো ক্ষমতা নাই । এই সন্দৰ্ভত কেৱল কেন্দ্ৰইহে কোনো সন্দৰ্ভত সিদ্ধান্ত ল'ব পাৰে । আবেদনখনত তেওঁ উল্লেখ কৰিছে যে আৰবিআইৰ যিকোনো মূল্যৰ বেংকনোট জাৰি নকৰা বা বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ কোনো স্বতন্ত্ৰ ক্ষমতা নাই আৰু এই ক্ষমতা কেৱল আৰবিআই আইন, ১৯৩৪ৰ ধাৰা ২৪ (২)ৰ অধীনত কেন্দ্ৰৰ হাতত ন্যস্ত কৰা হৈছে ।
আৰবিআই আৰু এছবিআইৰ দ্বাৰা ২০০০ টকাৰ বেংকনোটৰ বিনিময় ৰিকুইজিচন শ্লিপ আৰু কোনো পৰিচয়-পত্ৰ অবিহনে কৰিবলৈ নিৰ্দেশ দিয়াৰ সন্দৰ্ভত প্ৰত্যাহ্বান জনাই কৰা এক পিআইএলৰ ৰায়ত উচ্চ ন্যায়ালয়ে ২৯ মে'ত কৈছিল যে এইটো এটা সম্পূৰ্ণ বেলেগ বিষয় । আনহাতে, আৰবিআয়ে এই আবেদনৰ বিৰোধিতা কৰি কৈছিল যে ২০০০ টকীয়া নোট কেৱল প্ৰচলনৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে, যিটো মুদ্ৰা ব্যৱস্থাপনা কাৰ্য আৰু অৰ্থনৈতিক নীতিৰ বিষয় ।
ইয়াৰ পূৰ্বে উচ্চ ন্যায়ালয়ে অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ৰ এখন আবেদন খাৰিজ কৰিছিল । আবেদনখনত অধিবক্তাজনে দাবী কৰিছিল যে আৰবিআই আৰু এছবিআয়ে প্ৰমাণ-পত্ৰ অবিহনে ২০০০ টকাৰ বেংকনোট বিনিময় কৰিবলৈ দিয়াটো স্বেচ্ছাচাৰী আৰু দুৰ্নীতি নিয়ন্ত্ৰণৰ বাবে প্ৰণয়ন কৰা আইনৰ বিৰুদ্ধে আছিল । কিন্তু ন্যায়ালয়ে কয় যে নাগৰিকসকলে যাতে অসুবিধা ভোগ কৰিব নালাগে তাৰ বাবে এইটো কৰা হৈছে আৰু আদালতে নীতিগত সিদ্ধান্তৰ ওপৰত আপীল কৰ্তৃপক্ষ হিচাপে হস্তক্ষেপ কৰিব নোৱাৰে ।