অসম

assam

ETV Bharat / bharat

Purola Love Jihad Case : পুৰোলা ঘটনাক লৈ টিভিত বিতৰ্ক কৰিব নোৱাৰিব

পুৰোলা মহাপঞ্চায়ত গোচৰ সম্পৰ্কে কোনো নিউজ চেনেলে টিভিৰ বিতৰ্ক কৰিব নোৱাৰিব । উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ে পুৰোলা মহাপঞ্চায়ত গোচৰ সম্পৰ্কে শুনানিৰ সময়ত এই নিৰ্দেশ জাৰি কৰে । আৰক্ষীক এই ক্ষেত্ৰত আইন অনুসৰি ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় ।

By

Published : Jun 15, 2023, 4:07 PM IST

Purola Love Jihad Case
পুৰোলা ঘটনাক লৈ টিভিত বিতৰ্ক কৰিব নোৱাৰিব

নেশ্যনেল ডেস্ক,১৫ জুন :পুৰোলা মহাপঞ্চায়ত গোচৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ । পুৰোলা মহাপঞ্চায়ত গোচৰত টিভিৰ বিতৰ্ক আৰু সামাজিক মাধ্যমৰ ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিছে । মুখ্য ন্যায়াধীশ বিপিন সংঘী আৰু ন্যায়াধীশ ৰাকেশ থাপলিয়ালৰ এক খণ্ড বিচাৰপীঠে ৰাজ্য চৰকাৰক এনে ক্ষেত্ৰত আইন অনুসৰি ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে । আদালতৰ মতে আৰক্ষীয়ে সেই লোকসকলৰ তদন্ত কৰা উচিত যাৰ বিৰুদ্ধে গোচৰটো দাখিল কৰা হৈছে । ৰাজ্য চৰকাৰে এই সন্দৰ্ভত তিনি সপ্তাহৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈও আদালতে নিৰ্দেশ দিয়ে ।

নাগৰিক অধিকাৰ সুৰক্ষা সংস্থাৰ সদস্য অধিবক্তা শ্বাহৰুখ আলমে পুৰোলাত সাম্প্ৰদায়িক উত্তেজনাৰ মাজতে ১৫ জুনত হিন্দু সংগঠনসমূহে আহ্বান কৰা মহাপঞ্চায়তৰ ওপৰত স্থগিতাদেশ বিচাৰি ১৪ জুনত মুখ্য ন্যায়াধীশ বিপিন সংঘীৰ নেতৃত্বত এক খণ্ড বিচাৰপীঠৰ সন্মুখত এখন পিআইএল দাখিল কৰিছিল ।

আবেদনখনত কোৱা হৈছে যে তেওঁ এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠৰ সন্মুখত আপীল কৰিছিল । কিন্তু উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে এই আৱেদনৰ শুনানি গ্ৰহণত অস্বীকাৰ কৰিছিল আৰু ৰাজ্যিক উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰিবলৈ কৈছিল ।

উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে আবেদনখনৰ শুনানিৰ অনুমতি দিছিল আৰু তেওঁক উচ্চ ন্যায়ালয়ৰ পঞ্জীয়নত আবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল । শ্বাহৰুখ আলমে আদালতক কৈছিল যে পুৰোলাৰ এগৰাকী নাবালিকাক দুই যুৱকে প্ৰলোভিত কৰি পলাই নিয়াৰ চেষ্টা কৰাৰ পাছতে পুৰোলাত সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি হৈছিল । অৱশ্যে, অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰা হয় । পাছত, পুৰোলাৰ পৰা এক নিৰ্দিষ্ট ধৰ্মৰ দোকানবোৰ খালী কৰোৱা হৈছিল । দোকানবোৰৰ বাহিৰত ধৰ্মীয় সংগঠনটোৱে সতৰ্কবাণী দিয়াৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰিছিল । তেওঁ লগতে আশংকা ব্যক্ত কৰে যে মহাপঞ্চায়তত ধৰ্মীয় সংগঠনসমূহৰ নেতাসকলে ঘৃণামূলক ভাষণ প্ৰদান কৰিব, যি সাম্প্ৰদায়িক হিংসাৰ সৃষ্টি কৰিব ।

অৱশ্যে, ১৪ জুনৰ শেষ নিশালৈকে পুৰোলাৰ বিভিন্ন সংগঠনে মহাপঞ্চায়তখন অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখাৰ সিদ্ধান্ত লয় । আনহাতে, যমুনা উপত্যকাৰ ব্যৱসায়ীসকলে প্ৰশাসনৰ ১৪৪ ধাৰাৰ বিপৰীতে ১৫ জুনত বজাৰ বন্ধ ৰখাৰ সিদ্ধান্ত লয় । ইফালে হিন্দু সংগঠনবোৰে অহা ২৫ জুনত বাদকোটত এখন মহাপঞ্চায়ত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে ।

লগতে পঢ়ক :Good news: এতিয়াৰে পৰা ৫০০ চাবস্ক্ৰাইবাৰ থকা YouTuberসকলেও কৰিব পাৰিব উপাৰ্জন

ABOUT THE AUTHOR

...view details