নেচনেল ডেস্ক,৭ জুলাই:জম্মু-কাশ্মীৰৰ (জে-কে)ৰাজ্য়পাল লেফটেনেণ্ট মনোজ সিনহাই বৃহস্পতিবাৰে হজৰতবল তীৰ্থস্থান পৰিদৰ্শন কৰে (JK Governor visited the Hazratbal shrine)। তেওঁ দেওবাৰে উদযাপন কৰিবলগীয়া ঈদ-উল-আধা উৎসৱৰ ব্যৱস্থাৰ সন্দৰ্ভত পৰ্যালোচনা কৰে । ৰাজ্য়পাল লেফটেনেণ্ট মনোজ সিনহাৰ সৈতে জম্মু আৰু কাশ্মীৰৰ অধ্যক্ষ কে ৱাকফ বোৰ্ডৰ অধ্যক্ষ দাৰক্ষন আন্দ্ৰাবি আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।
ৰাজ্য়পাল সিনহাই বিখ্যাত ডল হ্ৰদৰ ওচৰৰ ঈদৰ নামাজ পঢ়িবলগীয়া স্থানত লোকসকলৰ বাবে বিদ্যুৎ, অনাময় আৰু পানী যোগানৰ ব্যৱস্থাৰ পৰ্যালোচনা কৰা বুলি বিষয়াসকলে সদৰি কৰিছে (Eid in Dal Lake)। ৰাজ্য়পালগৰাকীয়ে প্ৰশাসনক দেওবাৰে বৰষুণৰ পৰা হাত সাৰিব পৰা প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে।